Laxmi Sonowal Rajkhowa wins bronze: আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তলন প্ৰতিযোগিতাত জিলিকিল চাবুৱাৰ জীয়ৰী

By

Published : May 8, 2023, 11:00 PM IST

thumbnail

মৰাণ,৮ মে': কেৰালাত ১ মে'ৰ পৰা ৬ মে'লৈকে অনুষ্ঠিত হোৱা Asian Men Women Equipped Powerlifting Championship ত ভাৰতীয় দলৰ হৈ ৬৩ কেজি মাষ্টাৰ্চ শাখাত প্ৰতিনিধিত্ব কৰি ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় চাবুৱাৰ লক্ষী সোণোৱাল ৰাজখোৱা । সোমবাৰে স্বগৃহত উপস্থিত হয় লক্ষী সোণোৱাল ৰাজখোৱা (Laxmi Sonowal Rajkhowa wins medal in weightlifting) ।  

মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰা ৰাজখোৱাক আদৰণি জনোৱাৰ লগতে চাবুৱা নগৰত পৌৰসভাৰ সভাকক্ষত অনেক দল-সংগঠনে আদৰণি জনায় (Municipality in Chabua Town) । ভাৰত তথা অসমৰ চাবুৱালৈ গৌৰৱ কঢ়িয়াই অনা মহিলা খেলুৱৈগৰাকী হৈছে চাবুৱা পৌৰসভাৰ উপ-পৌৰপতি । ইয়াৰোপৰি ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কৰ্মী ।  

ইয়াৰ পূৰ্বেও চাবুৱাৰ এই গৰাকী মহিলা খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ভাৰোত্তোলন প্ৰতিযোগিতাত সুনাম অৰ্জন কৰি আহিছে । এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা আৰু চাবুৱাৰ পৌৰসভাৰ বিষয়ববীয়া তথা জাতি-জনগোষ্ঠী, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি লগতে কেইবাশতাধিক ৰাইজে । 

লগতে পঢ়ক: Lok Sabha Election 2024 : বিজেপিক ৰুধিবলৈ বিকল্প বিচাৰিছে কংগ্ৰেছে; লুৰীণ বা অখিলক দিব নেকি প্ৰাৰ্থিত্ব ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.