Nagaon congress Tribute Sarat Borkotoky : নগাঁও বৰঘাট বাইপাচত কংগ্ৰেছৰ উদ্যোগত শেষ শ্ৰদ্ধা জ্ঞাপন প্ৰয়াত শৰৎ বৰকটকীক

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 6:55 PM IST

thumbnail

চামগুৰি, 30 অক্টোবৰ : অজান পৃথিৱীলৈ গ’লগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কোষাধ্যক্ষ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেতা শৰৎ বৰকটকী ৷ দেওবাৰে নিশা 1.30 বজাত 88 বছৰ বয়সত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে বৰকটকীয়ে ৷

প্ৰয়াত বৰকটকীক শেষ বিদায় দিয়াৰ হকে নগাঁও বৰঘাট বাই পাচত কংগ্ৰেছৰ উদ্যোগত সোমবাৰে বিয়লি 3বজাত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নগাঁও জিলা কংগ্ৰেছ কমিটি সভাপতি সুৰেশ বৰাৰ লগতে অন্যান্য দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে ৷

জানিব পৰা মতে, 16 অক্টোবৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰী তথা বিধায়কগৰাকী ৷ শৰীৰৰ বিভিন্ন অংগ বিকল হৈ পৰিছিল প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৷

লগতে পঢ়ক : Veteran Congress leader Sarat Barkataki: প্ৰবীণ ৰাজনীতিবিদ-শিক্ষাবিদ শৰৎ বৰকটকীৰ দেহাৱসান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.