ETV Bharat / state

Veteran Congress leader Sarat Barkataki: প্ৰবীণ ৰাজনীতিবিদ-শিক্ষাবিদ শৰৎ বৰকটকীৰ দেহাৱসান

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 7:53 AM IST

Updated : Oct 30, 2023, 11:44 AM IST

Veteran Congress leader Sharat Barkatki passes away at GMCH
শেষ নিশ্বাস এৰিলে জ্যেষ্ঠ কংগ্ৰেছী নেতা শৰৎ বৰকটকীয়ে

প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শৰৎ বৰকটকীৰ মৃত্যু ৷ দেওবাৰে নিশা 1.36 বজাত GMCH ত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছীগৰাকীয়ে ৷ বিভিন্ন মহলত শোকৰ ছাঁ ৷

নিউজ ডেস্ক, 30 অক্টোবৰ: উভালি পৰিল কংগ্ৰেছ দলৰ আন এডাল বটবৃক্ষ ৷ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শৰৎ বৰকটকীয়ে দেওবাৰৰ মাজনিশা চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকীৰ বয়স আছিল 88 বছৰ ৷

16 অক্টোবৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰী তথা বিধায়কগৰাকী ৷ শৰীৰৰ বিভিন্ন অংগ বিকল হৈ পৰিছিল প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৷ 1991 চনৰ পৰা 2016 চনলৈ 5 বাৰকৈ সোণাৰি সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল প্ৰয়াত কংগ্ৰেছ নেতাগৰাকী ৷ অসম চৰকাৰৰ শিক্ষা আৰু গড়কাপ্তানী বিভাগৰ দৰে গুৰুত্বপূৰ্ণ 2016 বৰ্ষত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হাতত পৰাস্ত হয় বৰকটকী ৷

সোণাৰি তথা চৰাইদেউ জিলাৰ উন্নয়নৰ বাবে প্ৰয়াত বৰকটকীয়ে গ্ৰহণ কৰিছিল বিশেষ পদক্ষেপ ৷ চৰাইদেউ মহকুমাক জিলা হিচাপে গঠন কৰাত কংগ্ৰেছ নেতাগৰাকীৰ অৱদান চৰাইদেউবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰিব ৷ বিজেপি সাংসদ তপন কুমাৰ গগৈয়েও প্ৰয়াত মন্ত্ৰীগৰাকীয়ে সোণাৰি সমষ্টিলৈ আগবঢ়াই যোৱা অৱদানৰ বাবে সমষ্টিবাসীৰ মনত চিৰস্মৰণীয় হৈ ৰ’ব বুলি উল্লেখ কৰি শোক বাৰ্তা প্ৰকাশ কৰে ৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্তমানৰ কোষাধ্যক্ষ শৰৎ বৰকটকীৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সাংসদ কুইন ওজা, সাংসদ গৌৰৱ গগৈ, কংগ্ৰেছ বিধায়িকা শিৱামণি বৰাৰ লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ উপৰিও প্ৰয়াত কংগ্ৰেছ নেতাগৰাকীৰ সান্নিধ্য সুঁৱৰি ৰাজ্যখনৰ বিভিন্ন মহলে শোক প্ৰকাশ কৰিছে ৷

লক্ষ্যণীয় বিষয় যে, দেশ তথা ৰাজ্যত কংগ্ৰেছৰ ৰথ অচল হোৱাৰ সময়ত বহু কংগ্ৰেছী নেতাই দল ত্যাগ কৰিছিল যদিও বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকীৰ দলটোৰ প্ৰতি আছিল একেই নিষ্ঠা আৰু আস্থা ৷

লগতে পঢ়ক: Sarat Barkataki Health Condition : জি এম চি এইচত শৰৎ বৰকটকীৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্রীয়ে

Last Updated :Oct 30, 2023, 11:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.