Sarat Barkataki Health Condition : জি এম চি এইচত শৰৎ বৰকটকীৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্রীয়ে

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 11:09 PM IST

thumbnail

গুৱাহাটী, ২৪ অক্টোবৰ: বৰ্ষীয়ান ৰাজনীতিক শৰৎ বৰকটকী অসুস্থ । কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে । আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ চিকিৎসাধীন হৈ থকা জ্যেষ্ঠ ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন শিক্ষা আৰু লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী শৰৎ বৰকটকীৰ স্বাস্থ্যৰ বুজ লয় । জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা উন্নত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে । সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এটা অস্ত্ৰোপচাৰ হৈছিল । অস্ত্ৰোপচাৰৰ পাচত বিভিন্ন অসুবিধা হোৱাৰ বাবে জি এম চি এইচলৈ আহিছিল । পৰীক্ষা-নিৰীক্ষাৰ পাচত তেখেতৰ ব্ৰেইন ষ্টোকৰ এটা অসুবিধা পোৱাৰ পাচত লগেলগে ভৰ্তি কৰোৱা হয় । বৰ্তমান তেখেত আই চি ইউত চিকিৎসাধীন হৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে । মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে তেখেত শীঘ্ৰে সুস্থ হৈ উঠিব ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.