Cultural Award Assam : 2022 বৰ্ষৰ বহুকেইটা সাংস্কৃতিক বঁটা ঘোষণা

By

Published : Jan 15, 2023, 3:41 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

প্ৰতিবছৰৰ দৰে এইবাৰো ৰাজ্যৰ চৰকাৰৰ সাংস্কৃতিক বিভাগে ১৭ জানুৱাৰী শিল্পী দিৱসত ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইজন বৰেণ্য ব্যক্তিক প্ৰদান কৰিব বঁটা ৷ দেওবাৰে টিংখাঙত সংবাদমেল অনুষ্ঠিত কৰি এই কথা ঘোষণা কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই (Minister Bimal Borah)৷ মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি বিশিষ্ট সংগীতশিল্পী ৰাজেন গোঁহাই আৰু পখিলা লেকথেপীক ২০২৩ বৰ্ষৰ শিল্পীবঁটা প্ৰদান কৰা হ'ব (Shilpi Bota 2022)৷ ইয়াৰোপৰি বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াক ২০২২ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা(Natasurya Phani Sarma Award 2021), বিশিষ্ট অভিনেতা অৰুণ নাথক ২০২২ বৰ্ষৰ ড৹ ভবেন্দ্ৰনাথ শইকীয়া বঁটা(Dr Bhaben Saikia award), বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱক ২০২২ বৰ্ষৰ বিজু ফুকন বঁটা(Biju Phukan award), বিশিষ্ট লেখক মিলেশ্বৰ পাটৰক ২০২২ বৰ্ষৰ ভীমবৰ দেউৰী বঁটা প্ৰদান কৰা হ’ব (Bhimbor Deori Award)৷ ইয়াৰ লগতে অসমৰ বিভিন্ন ক্ষেত্ৰৰ ৫০ গৰাকী বিশিষ্ট ব্যক্তিলৈ শিল্পী পেঞ্চনৰ লগতে আন ১৫২ জন বিশিষ্ট ব্যক্তিলৈ বাৰ্ষিক শিল্পী সন্মান ঘোষণা কৰা হয় ৷ উক্ত বঁটাসমূহ ১৭ জানুৱাৰীত যোৰহাট কৃষি বিশ্ববিদ্যালয়ত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া শিল্পী দিৱসত প্ৰদান কৰা হ'ব ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.