কলগাছিয়াত অসম সাংস্কৃতিক মহাসংগ্ৰামত বিজয়ী প্ৰতিযোগীক বঁটা প্ৰদান

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 9:08 PM IST

thumbnail

জনীয়া, ১৮ ডিচেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়াত ৪৪ নং জনীয়া বিধানসভা সমষ্টি ভিত্তিত আৰু ৰূপসী উন্নয়ন খণ্ডৰ ড০ ভূপেন হাজৰিকা সোৱৰণী সাংস্কৃতিক মঞ্চত ১৭ আৰু ১৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় সাংস্কৃতিক মহাসংগ্ৰাম । এই অনুষ্ঠানত জনীয়া সমষ্টিৰ ২০ খন গাওঁ পঞ্চায়তৰ ১২২ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।

সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতী সকলে জ্যোতি সংগীত, ৰাভা সংগীত, ৰবীন্দ্ৰ সংগীত, ভূপেন্দ্ৰ সংগীত আদি পৰিৱেশন কৰি স্থান লাভ কৰিবলৈ সক্ষম হয় । চৰকাৰৰ এই অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল সাংস্কৃতিক দিশত উপকৃত হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে নিজৰ নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি  বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে সাংস্কৃতিক মহাসংগ্ৰামক ভূয়সী প্ৰশংসা কৰে । এনে এক অনুষ্ঠানৰ আয়োজন কৰা বাবে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে । 

লগতে পঢ়ক:এইবাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে অসমলৈ মাতিছে পৰেশ বৰুৱাক 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.