ETV Bharat / state

এইবাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে অসমলৈ মাতিছে পৰেশ বৰুৱাক

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 6:48 PM IST

ULFA I threatens GP Singh: লুকাই লুকাই ভাবুকি দি একো লাভ নাই, অসমলৈ আহক ৷ পৰেশ বৰুৱালৈ এই আহ্বান অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙৰ ৷

Assam SDGP Harmeet Singh
ULFA I chief Paresh Baruah

হৰমীত সিঙে অসমলৈ মাতিছে পৰেশ বৰুৱাক

তেজপুৰ, ১৮ ডিচেম্বৰ: ‘‘অসমত কোনো এন্টি নেশ্যনেল এক্টিভিতি গ্রহণযোগ্য নহ’ব, যদি অসমক ভাল পায় তেওঁলোকে অসমলৈ আহি অসমৰ উন্নয়নৰ বাবে কাম কৰক ৷ এনেকৈ ভাবুকি দি থাকি লাভ নাই ।’’ এইবাৰ আলফা(স্বা)ক উদ্দেশ্যি এই মন্তব্য অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙৰ ।

সোমবাৰে তেজপুৰস্থিত সদৰ আৰক্ষী থানাত আৰক্ষীৰ আভ্যন্তৰীণ সা-সুবিধা নিৰীক্ষণ কৰিবলৈ আহে আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকী ৷ আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই শেহতীয়াকৈ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক জনোৱা প্ৰত্যাহ্বান সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান সিঙে এইদৰে কয় ।

তেওঁ কয় যে আলফাই আঁতৰত লুকাই থাকি এইদৰে ভাবুকি দি থাকিলে নহ’ব ৷ ইয়াৰ পৰা একো লাভ নাই, অসম আৰক্ষীয়ে এই প্ৰত্যাহ্বান ল’বলৈ সাজু আছে বুলিও তেওঁ কয় ।

‘‘ধ্বংসাত্মক কাৰ্যকলাপৰ দ্বাৰা ক্ষতি অসমৰ ৰাইজৰহে হ’ব, আলফা(স্বা)ও অসমলৈ ঘূৰি আহক আৰু উন্নয়নৰ কামত জড়িত হওক । বৰ্তমান চৰকাৰৰ দিনত ৰাজ্যত ভালদৰে উন্নয়নমূলক কাম হৈছে ৷ পৰেশ বৰুৱাই যি ভাবুকি দিছে সেয়া ক’ৰবাত লুকাই কৈ আছে ৷ ইয়াৰ পৰা কি লাভ হ’ব ?’’ এইদৰে মন্তব্য কৰি পৰেশ বৰুৱাক অসমলৈ আহিবলৈ আহ্বান জনালে হৰমীত সিঙে ।

উল্লেখ্য যে শেহতীয়াকৈ আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ মাজত তীব্ৰ তৰ্কযুদ্ধ চলি আছে ৷ আলফা(স্বা)ই জিপি সিঙক গুৱাহাটীত থলগিৰি সুৰক্ষাকৰ্মীক ব্যৱহাৰ নকৰাকৈ মুকলিকৈ এসপ্তাহ চলা-ফুৰা কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল ৷ ইয়াৰ পিছতে অসম আৰক্ষীৰ বিভিন্ন মহলত বিষয়টোৱে চৰ্চা লাভ কৰে আৰু সমগ্ৰ ৰাজ্যতে সুৰক্ষা ব্যৱস্থা পূৰ্বতকৈ কটকটীয়া কৰা দেখা যায় ৷ তাৰ পিছতে সোমবাৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানগৰাকীয়ে এইদৰে কয় ।

অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানগৰাকীয়ে তেজপুৰ সদৰ থানাত অভিবাদন গ্ৰহন কৰি জিলাখনৰ আৰক্ষীৰ কাম-কাজৰ খতিয়ান লয় ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আৰক্ষী থানাসমূহ পূৰ্বতকৈ ভাল হৈছে আৰু অসমত অপৰাধ ৫০% শতাংশ হ্ৰাস পাইছে বুলি কয় আৰক্ষী বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক: জি পি সিং আৰু আলফা (স্বা) ৰ তৰ্কযুদ্ধ : মুখ খুলিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.