ETV Bharat / state

জি পি সিং আৰু আলফা (স্বা) ৰ তৰ্কযুদ্ধ : মুখ খুলিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 5:17 PM IST

CM Himanta Biswa Sarma
আলফা (স্বা) আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ তৰ্কযুদ্ধ

Himanta Biswa Sarma : আলফা (স্বা) আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ তৰ্কযুদ্ধ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ এনেধৰণৰ খেলিমেলি যিমানেই হ’ব, সিমানেই অসমৰ অৰ্থনীতি পিছুৱাই যাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 16 ডিচেম্বৰ: "বছৰত এটা-দুটা আলফাই সৰু-সুৰা আক্ৰমণ অসমত কৰে ৷ তেওঁলোকৰ নিজৰ অস্তিত্বৰ কাৰণে দুই-এটা এনে কাম কৰে ৷ মই বাৰে বাৰে এটাই কথা ক’ম যে, যিমানেই আমি অসমত কিবা এটা খেলিমেলি কৰিম, অসমৰ ইক’নমি সিমানেই পিছুৱাই যাব ৷" এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ আলফা (স্বা) আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ তৰ্কযুদ্ধ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

খানাপাৰাত শনিবাৰে কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ এই প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে বছৰত এটা দুটা সৰু-সুৰা আক্ৰমণ আলফাই অসমত কৰে ৷ তেওঁলোকে নিজৰ অস্তিত্বৰ বাবে এই আক্ৰমণ সমূহ কৰে ৷ এনেধৰণৰ খেলিমেলি যিমানেই হ’ব, সিমানেই অসমৰ অৰ্থনীতি পিছুৱাই যাব ৷ এই কামবিলাক ভাল নহয় বুলি উল্লেখ কৰি এনেধৰণৰ কাম অতি শীঘ্ৰেই বন্ধ হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীজনে ৷

মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ কয় "ক্লাবৰ ল’ৰা দুটাই ধমকা-ধমকি কৰি নাথাকে জানো ! কৰিলে, মোকো দিলে ময়ো দিলো, ইয়াতেই শেষ আমাৰ বাবে ৷ কিন্তু ইয়াৰ বাবে অসমৰ মানুহে চিন্তা কৰিবলগা কি আছে ? ডিজিপিতো এনেকুৱা নহয় যে, ভাবুকি দিলে আৰু ভয়ত মেডিকেলত ভৰ্তি হৈ গ’ল ৷"

উল্লেখ্য যে 15 ডিচেম্বৰত অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আলফা (স্বা) ক কাজিৰঙাত অনুষ্ঠিত এক সংবাদমেলত মুকলিকৈ প্ৰত্যাহ্বান জনাইছিল ৷ জি পি সিঙে উল্লেখ কৰা অনুসৰি, আলফা (স্বা) সাধাৰণ নাগৰিকৰ পৰিৱৰ্তে তেওঁক টাৰ্গেট কৰক ৷ এই প্ৰত্যাহ্বানৰ পাচতে শনিবাৰে পুৱাই আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক প্ৰত্যুত্তৰ দিয়ে আলফা (স্বা) ই ৷

প্ৰত্যুত্তৰত জি পি সিঙক প্ৰত্যাহ্বান জনাই আলফা (স্বা) ই কয় যে দুটা চৰ্তত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ প্ৰত্যাহ্বান মানি ল’ব আলফা (স্বা) ই ৷ প্ৰথমটো হ’ল, জি পি সিঙে থলগিৰি অসমীয়া আৰক্ষীক নিজৰ নিৰাপত্তাৰ দায়িত্বত নাৰাখি থলগিৰি অসমীয়া নথকা CRPF আৰু সেনাবাহিনীৰ জোৱান মকৰল কৰক ৷ দ্বিতীয়তে থলগিৰি অসমীয়া নাৰাখি মাত্ৰ এসপ্তাহ গুৱাহাটীত মুকলিকৈ টহল দি দেখুৱাওক ৷ ইয়াৰ পাচতেই আজি আলফা (স্বা) আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ তৰ্কযুদ্ধ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক : DGP জি পি সিঙক প্ৰত্যুত্তৰ আলফা স্বাধীনৰ; গুৱাহাটীত মাত্ৰ এসপ্তাহ মুকলিকৈ টহল দিয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.