ETV Bharat / state

DGP জি পি সিঙক প্ৰত্যুত্তৰ আলফা স্বাধীনৰ; গুৱাহাটীত মাত্ৰ এসপ্তাহ মুকলিকৈ টহল দিয়ক

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 1:23 PM IST

Updated : Dec 16, 2023, 2:37 PM IST

ULFA I dares Assam DGP GP Singh to move around Guwahati for a week without security
DGP জি পি সিঙক প্ৰত্যুত্তৰ আলফা স্বাধীনৰ

15 ডিচেম্বৰত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আলফা(স্বা)ক দিয়া মুকলি প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ দিলে আলফা স্বাধীন, অসমে ৷ অসমৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক এসপ্তাহ গুৱাহাটীত মুকলিকৈ টহল দিবলৈ চেলেঞ্জ কৰিলে আলফা(স্বা)এ (ULFA-I Challenge to Assam DGP GP Singh) ৷

কাজিৰঙা, 16 ডিচেম্বৰ : অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক প্ৰত্যুত্তৰ দিলে আলফা স্বাধীনে ৷ 15 ডিচেম্বৰত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আলফা স্বাধীনক কাজিৰঙাত অনুষ্ঠিত এক সংবাদমেলত দিছিল মুকলিকৈ প্ৰত্যাহ্বান ৷ জি পি সিঙে উল্লেখ কৰা অনুসৰি, আলফা স্বাধীনে সাধাৰণ নাগৰিকৰ পৰিৱৰ্তে তেওঁক টাৰ্গেট কৰক ৷ এই প্ৰত্যাহ্বানৰ পাচতে আজি অৰ্থাৎ শনিবাৰে পুৱাই প্ৰত্যুত্তৰ দিয়ে আলফা স্বাধীন, অসমে ৷

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক প্ৰত্যাহ্বান জনাই আলফা স্বাধীনে কয় যে দুটা চৰ্তত DGP ৰ অপেন চেলেঞ্জ মানি ল’ব আলফাই ৷ প্ৰথমটো হ’ল, DGP সিঙে থলগিৰি অসমীয়া আৰক্ষীক নিজৰ নিৰাপত্তাৰ দায়িত্বত নাৰাখি থলগিৰি অসমীয়া নথকা CRPF আৰু সেনাবাহিনীৰ জোৱান মকৰল কৰক ৷ দ্বিতীয়তে থলগিৰি অসমীয়া নাৰাখি মাত্ৰ এসপ্তাহ গুৱাহাটীত মুকলিকৈ টহল দিয়ক ৷

আলফা, স্বাধীনৰ প্ৰচাৰ সচিব কেপ্তেইন ৰুমেল অসমে বিবৃতিযোগে কয় যে থলগিৰি অসমীয়া আৰক্ষী জোৱানৰ যাতে অনাহকত মৃত্যু নহয়, তাৰ বাবে ইতিমধ্যেই আলফা স্বাধীনে সংকল্প গ্ৰহণ কৰিছে ৷ সেইবাবেই এই চৰ্ত দিছে আলফা স্বাধীনে ৷

আলফা(স্বা) ৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে স্বাক্ষৰ কৰা এক বিবৃতিত উল্লেখ আছে যে-

যোৱা ইংৰাজী ১৫ ডিচেম্বৰ ২০২৩ তাৰিখে জি পি সিঙে সংবাদ মাধ্যমৰ আগত ''সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)'' সংগঠনক যি প্ৰত্যাহ্বান জনাইছে; উক্ত প্ৰত্যাহ্বান আমি দুটা চৰ্ত সাপেক্ষে গ্ৰহণ কৰিছোঁ।

প্ৰথমে জি পি সিঙে তেখেতৰ গাড়ী চালকৰ লগতে নিৰাপত্তাৰ বাবে পশ্চিম-দক্ষিণ-পূৱ-এছিয়া (WeSEA) অঞ্চলৰ যিসকল থলগিৰি আৰক্ষী বিষয়া আৰু কনিষ্টবলক ব্যৱহাৰ কৰি আহিছে সেইসকলৰ ঠাইত CRPF বা ভাৰতীয় সেনা বাহিনী (WeSEA অঞ্চলৰ যুৱক-যুৱতীক বাদ দি)ক ব্যৱহাৰ কৰক।

দ্বিতীয়তে মাত্ৰ এসপ্তাহ গুৱাহাটীত মুকলিকৈ তহল দি দেখুৱাওক। কিয়নো এটা দশকৰ পূৰ্বে ''সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)'' সংগঠনে অসম আৰক্ষীৰ থলগিৰি বিষয়া/সদস্যৰ লগতে ৱেছিয়া অঞ্চলৰ থলগিৰি সামৰিক বিষয়া/সদস্যসকলৰ সৈতে সংঘৰ্ষত লিপ্ত নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কাৰণ, বিগত সময়ত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক দৌলত সিং নেগী আৰু তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক আৰ কে সিঙৰ সৈতে সংঘৰ্ষ হওঁতে আমাৰ হাততেই ভাতৃসদৃশ বহুকেইগৰাকী থলগিৰি বিষয়া/সদস্যই মৃত্যুবৰণ কৰিছিল। এতিয়া আকৌ জি পি সিঙে পুনৰ সেই ভাতৃঘাটি সংঘৰ্ষৰ ৰূপ দিবলৈ বাৰে বাৰে চেষ্টা চলাইছে। সেয়েহে ''সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)'' সংগঠনে 'উলুৰ লগত বগৰী পোৰা' কাৰ্যৰ পৰা বিৰত থাকি জি পি সিঙলৈ উক্ত চৰ্তৰ প্ৰত্যাহ্বান জনোৱা হৈছে।

আমি জানো, আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ আপোনাৰ সাহস নাই, আছে মাথো '' স্বাধীনতা ফুকন'' ৰ দৰে নিৰস্ত্ৰ যুৱকক নিশা শোৱাপাটিৰ পৰা উঠাই নি শীতল মস্তিষ্কৰে হত্যা কৰা। (অসম্পাদিত)

আলফা(স্বা) এ দিয়া এই প্ৰত্যাহ্বান অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কেনেদৰে গ্ৰহণ কৰিব, সেয়া সময়তহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : সাধাৰণ ৰাইজক নহয়, মোক টাৰ্গেট কৰক : আলফা(স্বা)ক প্ৰত্যাহ্বান ডিজিপিৰ

Last Updated :Dec 16, 2023, 2:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.