ETV Bharat / state

সাধাৰণ ৰাইজক নহয়, মোক টাৰ্গেট কৰক : আলফা(স্বা)ক প্ৰত্যাহ্বান ডিজিপিৰ

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 5:21 PM IST

Updated : Dec 15, 2023, 9:20 PM IST

GP Sing On ULFA I Grenade Blast
আলফা(স্বা)ক প্ৰত্যাহ্বান ডিজিপি জিপি সিঙৰ

GP Singh on ULFA I Grenade Blast: আলফা(স্বা)ৰ প্ৰতি ডিজিপি জিপি সিঙে মুকলি প্ৰত্যাহ্বান আগবঢ়াইছে ৷ সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি গ্ৰেণেড আদি বিস্ফোৰণ কৰোৱাতকৈ জি পি সিঙক টাৰ্গেট কৰিবলৈ আহ্বান জনায় আলফা(স্বা)ৰ প্ৰতি ৷ সংবাদ মাধ্যমৰ জৰিয়তে আলফা(স্বা)ক নিজৰ ঠিকনাও দিলে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

আলফা(স্বা)ক প্ৰত্যাহ্বান ডিজিপি জিপি সিঙৰ

কাজিৰঙা, 15 ডিচেম্বৰ : সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) চমুকৈ আলফাই শেহতীয়াকৈ ৰাজ্যত আৰম্ভ কৰিছে গ্ৰেণেড নিক্ষেপ অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলফাই গ্ৰেণেড নিক্ষেপ কৰাত একপ্ৰকাৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ বিশেষকৈ সেনা চাউনিৰ কাষৰীয়া এলেকাক লৈ আৰক্ষী-প্ৰশাসন চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ৷

তাৰ মাজতে শুকুৰবাৰে কাজিৰঙাৰ কহঁৰাত এক সংবাদমেল আয়োজন কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদমেলত কয় যে অ'ত-ত'ত বোমা ফুটাই জনসাধাৰণৰক কষ্ট দিয়াতকৈ আলফা(স্বা)ৰ যদি সাহস আছে তেন্তে তেওঁৰ কাহিলীপাৰাৰ ঘৰ আৰু উলুবাৰীস্থিত কাৰ্যালয়ত বোমা ফুটাওক ৷

সাধাৰণ জনতাক ভীতিগ্ৰস্ত কৰাৰ বিপৰীতে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয় আৰু বাসগৃহত বোমা দলিয়াবলৈ আলফাক অ’পেন চেলেঞ্জ দিলে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে যিসকল লোকে অসমী আইক ভালপাও বুলি কৈ থাকে, তেওঁলোকেই অসমী আইৰ বুকুত আঘাত হানি আছে ৷ শেহতীয়া বোমা বিস্ফোৰণৰ সন্দৰ্ভত অসম আৰক্ষীয়ে NIAৰ লগত কথা পাতিছে আৰু তদন্তকাৰী এজেন্সীটোৰ দল অসমলৈ আহি থকা বুলি জনাইছে জিপি সিঙে ৷

আলফা(স্বা)এ শেহতীয়া গ্ৰেণেড বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰাৰ সন্দৰ্ভত জি পি সিঙে কয়, ‘‘তেওঁলোকে বাৰে বাৰে মোৰ কথা কয় ৷ মোৰ ঘৰ কাহিলাপাৰাত আছে, অফিচ আছে উলুবাৰীত ৷ তালৈ আহিলেই হ’ল ৷ মোক টাৰ্গেট কৰিলেই হ’ল ৷ মই কোনোদিন কোৱা নাই তেওঁলোকলৈ ভয় কৰিছো বুলি ৷’’

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে যোৱা কিছু মাহত কল চেণ্টাৰ, এপি এছ চি আদি গুৰুত্বপূৰ্ণ গোচৰ সমূহৰ তদন্ত আৰক্ষীয়ে কৰি আছে ৷ সেইসমূহত ব্যস্ত থকা আৰক্ষীক গ্ৰেণেড বিস্ফোৰণ আদি ঘটনাত ব্যস্ত কৰালে অসমৰ ৰাইজৰ লোকচান হ’ব ৷ জি পি সিঙে লগতে কয় যে আলফা(স্বা)ৰ যদি সমস্যা তেওঁৰ সৈতে তেন্তে বেলেগক টাৰ্গেট কৰিব নালাগে ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক টাৰ্গেট কৰিবলৈ দুবাৰকৈ আলফা(স্বা)ৰ প্ৰতি আহ্বান জনায় ৷

লগতে পঢ়ক: যোৰহাটৰ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বা)ৰ

Last Updated :Dec 15, 2023, 9:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.