কংগ্ৰেছে কৰা পাপৰ বাবে ভূপেন বৰাক ক্ষমা খোজাৰ আহ্বান অশোক সিংহলৰ

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 8:16 PM IST

thumbnail

তেজপুৰ, 3 ডিচেম্বৰ : কংগ্ৰেছে কৰা পাপৰ বাবে ভূপেন বৰাই অসমৰ ৰাইজৰ ওচৰত মাফ খোজাৰ আহ্বান জনায় মন্ত্ৰী সিংহলে ৷ যিসমূহ সত্ৰ, প্ৰতিটো মন্দিৰ-নামঘৰৰ মাটি বেদখল হৈছিল সেইসমূহলৈ গৈ ক্ষমা খোজাৰ পাচতহে ভূপেন বৰাক ৰাজনীতি কৰাৰ আহ্বান জনায় মন্ত্ৰী সিংহলে ৷

350 সাংসদক লৈ নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰীৰ আসন অধিস্থিত কৰাব ৷ তেলেংগানাত বিজেপিত বিশেষ শক্তি নাছিল, তথাপিও মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক বিজেপিৰ প্ৰাৰ্থীয়ে পৰাস্ত কৰিছে ৷ এদিন তেলেংগানাতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ’ব ৷

মন্ত্ৰী অশোক সিংহলে লগতে কয় যে শেহতীয়া নিৰ্বাচত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 70 টাতকৈও অধিক ৰেলীত অংশগ্ৰহণ কৰিছিল ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ড৹ হিমন্ত বিশ্ব শৰ্মা একমাত্ৰ মুখ্যমন্ত্ৰী যি সৰ্বভাৰতীয় পৰ্যায়ত ইমান জনপ্ৰিয়তা লাভ কৰিছে ৷

কংগ্ৰেছ দলৰ সন্দৰ্ভত মন্ত্ৰী সিংহলে কয় যে কংগ্ৰেছৰ মাটিৰ লগত সম্পৰ্ক নাই, কংগ্ৰেছৰ সাধাৰণ মানুহৰ লগত সম্পৰ্ক নাই ৷ কংগ্ৰেছে কেৱল গান্ধী পৰিয়ালৰ কথা ভাবে, সেইবাবেই সঠিক মূল্যাংকন কৰিব নোৱাৰে বুলি কয় অশোক সিংহলে ৷

লগতে পঢ়ক : মিজোৰামত যি দলেই জিকিব বিজেপি তাৰেই লগত থাকিব: হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.