বঁটা নহয়, এইবাৰ ছাত্ৰ-ছাত্ৰীয়ে পাব আনন্দৰাম বৰুৱা বৃত্তি

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 5:44 PM IST

thumbnail

গুৱাহাটী, 29 নৱেম্বৰ : হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান‌ কৰি অহা আনন্দৰাম বৰুৱা বঁটা এতিয়াৰে পৰা আনন্দৰাম বৰুৱা বৃত্তিলৈ ৰূপান্তৰিত হ'ব ৷ এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ গুৱাহাটীত বুধবাৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা সদৰী কৰে ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে অহা বছৰৰ পৰা পঞ্চম, অষ্টম আৰু দশম শ্ৰেণীৰ মেধাবী ছাত্ৰ-ছাত্ৰীসকলক এক পৰীক্ষাৰ জৰিয়তে আনন্দৰাম বৰুৱা বৃত্তি প্ৰদান কৰা হ'ব ৷ পঞ্চম শ্ৰেণীত অধ্যয়ন কৰা অসমৰ 10 হাজাৰ মেধাবী ছাত্ৰ-ছাত্ৰীক 15,00 টকাকৈ আনন্দৰাম বৰুৱা বৃত্তি প্ৰদান কৰা হ'ব ৷ আকৌ অষ্টম শ্ৰেণীত অধ্যয়ন কৰা অসমৰ 10 হাজাৰ মেধাবী ছাত্ৰ-ছাত্ৰীক 15,000 টকাকৈ আনন্দৰাম বৰুৱা বৃত্তি প্ৰদান কৰা‌ হ’ব ৷

আনহাতে দশম শ্ৰেণীত অধ্যয়ন কৰা অসমৰ 10 হাজাৰ মেধাবী ছাত্ৰ-ছাত্ৰীক 15,000 টকাকৈ আনন্দৰাম বৰুৱা বৃত্তি প্ৰদান কৰা হ'ব ৷ তেওঁ কয় যে অহা বছৰৰ পৰা সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ ফলাফলৰ ৰিপৰ্ট কাৰ্ড দিয়াটো বাধ্যতামূলক কৰা হ'ব ৷ চৰকাৰে ইয়াৰ‌ বাবে পৰ্টেলৰ ব্যৱস্থা কৰিব বুলি কয় তেওঁ ৷ 

লগতে পঢ়ক : শিক্ষাগুৰুৱে শৈক্ষিক ক্ষেত্রৰ পৰিৱৰ্তন সাধন কৰিব পাৰে :কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.