Robber arrested in Nalbari: কাপলাবড়ীৰ ডকাইতিকাণ্ডৰ লগত জড়িত আন এক ডকাইত আটক

By

Published : Feb 18, 2023, 8:30 PM IST

thumbnail

নলবাৰী, 18 ফেব্ৰুৱাৰী: নলবাৰী জিলাৰ কাপলাবড়ীৰ চাঞ্চল্যকৰ ডকাইতিকাণ্ডত জড়িত আন এটা ডকাইতক আটক কৰে আৰক্ষীয়ে । ধৃত ডকাইতটোৰ নাম মুজাক্কিৰ হুছেইন বুলি জানিব পৰা গৈছে । মুজাক্কিৰ হুছেইনৰ ঘৰ হাজো দামপুৰত । মুজাক্কিৰ হুছেইনক মহানগৰ আৰক্ষীয়ে আটক কৰি মুকালমুৱা আৰক্ষীক গতাই দিয়ে (Robbers arrested by Guwahati police) ।

উল্লেখযোগ্য যে, ৩১ জানুৱাৰীৰ নিশা কাপলাবড়ীত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড । কাপলাবড়ী চ’ক বজাৰত থকা দোকান বন্ধ কৰি থকা অৱস্থাতেই ডকাইতৰ দল এটাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল দুই ব্যৱসায়ী আমিৰ আলী প্ৰধানী আৰু পৰাণ আলীক (Kaplabadi robbery Case) । 

আমিৰ আলী প্ৰধানী নামৰ ব্যৱসায়ীজনক আক্ৰমণ কৰি ডকাইতৰ দলটোৱে নগদ 11 লাখ টকা লুটি নিছিল । ইপিনে, আমিৰ আলী প্ৰধানীৰ লগতে আন এজন ব্যৱসায়ী পৰাণ আলীকো এই ডকাইতৰ দলটোৱে আক্ৰমণ কৰি লুটি নিছিল ধন (Sensational robbery in Mukalmua at Kapalabadi) ।

এই ডকাইতিকাণ্ড সংঘটিত কৰিয়েই দলটো বাহন এখনেৰে পলায়ন কৰে । ডকাইতি কৰি তীব্ৰ গতিত বাহন চলাই পলায়ন কৰোতে বৰতলাত ডকাইতৰ দলটোৰ বাহনখনৰ চকা ফুটি যায় । সেইবাবে বাহনখন তাতেই ৰখাবলগীয়া হৈছিল । ইয়াৰ পিছতেই স্থানীয় ৰাইজৰ বাহনখনৰ ওপৰত সন্দেহ ওপজাত লোককেইজনক সোধপোছ কৰে । সেই সময়তেই বৰতলাত জয়দীপ মহন্ত নামৰ ডকাইত এটাক ৰাইজে আটক কৰি গতাই দিছিল আৰক্ষীক (Robbery took place in Kaplabadi) ।

পিছত মুকালমুৱা আৰক্ষীয়ে AS 01 DX 1418 নম্বৰৰ বাহনখন জব্দ কৰিছিল । অৱশ্যে সুযোগ বুজি ডকাইতৰ দলটোৰ বাকী কেইজন সদস্যই পলায়ন কৰাৰ পিছৰে পৰাই আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ অভিযান অব্যাহত ৰাখিছিল । অভিযানকালত 5 ফেব্ৰুৱাৰীত মুকালমুৱা আৰক্ষীয়ে ডকাইতিকাণ্ডৰ লগত জড়িত আন এটা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । ধৃত ডকাইতটোৰ নাম চমিৰুদ্দিন আহমেদ ৷ আজি পুনৰ আন এটা ডকাইতক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী (Robber arrested in Nalbari) ৷  

লগতে পঢ়ক: Robbery in Nalbari: কাপলাবড়ীৰ ডকাইতিত জড়িত আন এটা ডকাইতক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.