Ragging incident in Assam: ৰেগিং কাণ্ডক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দোষাৰোপ অংকিতা দত্তৰ

By

Published : Nov 29, 2022, 12:04 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (Ragging incident in Dibrugarh University)। ঘটনাৰ লগত জড়িত ছাত্ৰৰ ওপৰত কঠোৰ শাস্তিৰ দাবী তোলাৰ লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে । সোমবাৰে নিশা আদিত্য নাৰ্ছিংহোমত চিকিৎসাধীন অৱস্থাত থকা ছাত্ৰ আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ লয় যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী অংকিতা দত্তৰ নেতৃত্বত যোৱা কংগ্ৰেছৰ এটা সঁজাতি দলে (Youth Congress President Ankita Dutta)। এনে ঘটনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ গুৰুত্বহীনতাৰ বাবে সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই (Ankita Dutta blamed Dibrugarh University authorities) । ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাই ভবিষ্যত যাতে আৰু কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব নোৱাৰে, তাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই অংকিতা দত্তই ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.