Amrit Kalash Yatra:অমৃত কলহ যাত্ৰাৰ ব্লক পৰ্যায়ৰ সভাত মন্ত্ৰী কেশৱ মহন্ত

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 12:52 PM IST

thumbnail

কলিয়াবৰ, 13 অক্টোবৰ : কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১০খন গাঁও পঞ্চায়ত আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৮খন গাঁও পঞ্চায়তৰ অমৃত কলহ যাত্ৰাৰ ব্লক পৰ্যায়ৰ সভা বৃহস্পতিবাৰে অনুষ্ঠিত হয় । পুৱা নাগশংকৰস্থিত ড৹ টি. আও ষ্টেডিয়ামৰ পৰা হাটবৰস্থিত কলিয়াবৰ উন্নয়ন খণ্ডলৈ শোভাযাত্ৰা কৰি কঢ়িয়াই অনা হয় মাটিখিনি । কলিয়াবৰৰ দুটা উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৮ টা গাঁও পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা মাটি খণ্ড উন্নয়ন খণ্ড বিষয়াৰ কাৰ্য‍ালয়ত অৰ্পণ কৰা হয় ৷ অমৃত কলহ যাত্ৰাত মন্ত্ৰী কেশৱ মহন্ত, মহকুমাধিপতি লিজা তালুকদাৰ, কলিয়াবৰ উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া কণিকা ৰাথী (আই এ এচ), ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা, অগপ, বিজেপি দলৰ দলীয় নেতা কৰ্মী, পঞ্চায়ত প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে ।

আনহাতে, নিজ বৰভগীয়া গাঁও পঞ্চায়তৰ পৰা আৰম্ভ হোৱা অমৃত কলহ যাত্ৰাৰ অন্ত পৰে পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডত ।  অমৃত কলহ যাত্ৰাৰ এই অনুষ্ঠানত নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ "ভোগেশ্বৰী : সাহসৰ আন এটা নাম" শীৰ্ষক এখনি বাটৰ নাট প্ৰদৰ্শন কৰে হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ শিল্পীসকলে । 

লগতে পঢ়ক : Amrit Kalash Yatra : ডুমডুমাৰ অমৃত কলহ যাত্ৰালৈ দলেবলে ওলাই আহিল ৰাইজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.