Allegation against ACS officer: পত্নীক বিচাৰি শহুৰৰ পদুলিত গুলী ফুটালে কোন এ চি এছ বিষয়াই ?

By

Published : Apr 22, 2023, 10:47 PM IST

thumbnail

ডিফু, ২২ এপ্ৰিল: ডিফু চহৰত পৰিয়ালকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি  ৷ অসম চৰকাৰৰ জ্যেষ্ঠ এচিএছ বিষয়া মুকুল কাথাৰে শনিবাৰে এক পৰিয়াল কেন্দ্ৰিক বিবাদক কেন্দ্ৰ কৰি ডিফু চহৰত সন্ত্ৰাসৰ সৃষ্টি কৰে (Allegation against ACS officer) ৷ উল্লেখ্য যে, বৰ্তমান কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ সচিব ৰূপে কৰ্মৰত হৈ থকাৰ উপৰিও পৰিষদৰ বহু কেইটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বতো আছে মুকুল কাথাৰ (ACS officer assaulted women) ৷ আজি সন্ধিয়া প্ৰায় ৬-২০ মান বজাত পত্নীক বিচাৰি আহি কাথাৰে পত্নীৰ ভগ্নীক মাৰপিট কৰাৰ লগতে পত্নীৰ মাতৃ গৃহৰ সন্মুখত কেইবা জাঁই গুলী ফুটোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: Gold biscuits seized: বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ পৰা ডেৰ কেজি সোণ জব্দ

সংবাদ মাধ্যমক ভুক্তভোগী ভগ্নীগৰাকীয়ে জানিবলৈ দিয়া মতে মুকুল কাথাৰে তেওঁলোকক গাড়ীৰ ভিতৰত সুমুৱাই মাৰপিট কৰাৰ লগতে পত্নীক ক'ত লুকুৱাই থৈছ বুলি প্ৰশ্ন কৰে  ৷ এই ঘটনাই সমগ্ৰ ডিফু চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বিতৰ্কিত এই গৰাকী এচিএছ বিষয়াৰ বিৰুদ্ধে এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষ্যণীয় হ’ব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.