DU ragging controversy: গ্ৰেপ্তাৰ হোৱা ৬ জনেই জড়িত ৰেগিং কাণ্ডৰ সৈতে, এছ পি শ্বেতাংক মিশ্ৰ

By

Published : Dec 4, 2022, 10:36 AM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰে জড়িত থকাৰ অভিযোগত বৰ্তমানলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৬জনক (accused of DU ragging incident) । কিন্তু এতিয়াও আৰক্ষীৰ জালত পৰা নাই মূল অভিযুক্ত ৰাহুল ছেত্ৰী । ৰেগিং কাণ্ডৰে জড়িতসকল সাৰি নাযায় বুলি মন্তব্য ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ (Dibrugarh University ragging case) । আজি পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা ৬ জনেই ৰেগিং কাণ্ডৰ লগত জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে (DU ragging case) । বিশ্ববিদ্যালয় নিৰাপত্তা কৰ্মীৰ পৰা ৱাৰ্ডেন সকলোকে এই সম্পৰ্কত সোধপোছা কৰা হৈছে বুলি জনাই আৰক্ষী অধীক্ষকজনে (DU Ragging Incident) । লগতে ঘটনাৰ মূল অভিযুক্ত হিচাপে বিবেচিত হোৱা ৰাহুল ছেত্ৰীক ধৰিবৰ বাবে আৰক্ষীয়ে অভিযান চলাই থকা বুলিও উল্লেখ কৰে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.