Assam Mizoram border issue:অসম-মিজোৰাম সীমান্ত সমস্যাক লৈ প্ৰশাসনিক বৈঠক

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 7:42 PM IST

thumbnail

কৰিমগঞ্জ, 22 আগষ্ট : অসম-মিজোৰাম সীমান্ত সমস্যাক লৈ অসমত অনুষ্ঠিত প্ৰশাসনিক বৈঠক । ধলাই থানাত অসম আৰু মিজোৰ দুখন ৰাজ্যৰ প্ৰশাসনিক পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত দুয়োখন ৰাজ্যৰ সীমান্ত বিষয়ক লৈ আলোচনা কৰা হয় ।

দুয়োখন ৰাজ্যৰ মাজত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ মূলত: সীমা বিষয়ক লৈ বৈঠকত ধাৰাবাহিক সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইংৰাজী অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত হোৱা ৰক্তপাতৰ পিচত ২০২১ চনৰ ২৬ জুলাইত সীমান্তত শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ দুয়োটা ৰাজ্যিক পৰ্যায়তে সময়ে সময়ে বৈঠকত মিলিত হোৱাৰ সিদ্ধান্ত লোৱা হয় ।

সেই সিদ্ধান্ত অনুসৰি মঙলবাৰে ধলাই আৰক্ষী থানাত দুয়োটা ৰাজ্যিক পৰ্যায়ৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হয় । সীমান্ত সমস্যা সন্দৰ্ভত অসম আৰু মিজোৰাম প্ৰশাসনিক পৰ্যায়ৰ বৈঠকত কাছাৰ জিলা দণ্ডাধীশ ৰোহন কুমাৰ ঝা, আৰক্ষী অধীক্ষক নোমল মাহাত্তাকে ধৰি বন বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে । মিজোৰামৰ হৈ কালাশিৱ জিলাৰ উপ আয়ুক্ত জন এল.টি. সাংগা আৰু আৰক্ষী অধীক্ষক লালৰিনাওমা টেইটে উপস্থিত থাকে ৷

লগতে পঢ়ক : Indo Bangla border: বাংলাদেশৰ বাধাৰ বাবে উন্মুক্ত কৰিমগঞ্জ সীমান্তৰ চাৰি কিলোমিটাৰ এলেকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.