ETV Bharat / state

Indo Bangla border: বাংলাদেশৰ বাধাৰ বাবে উন্মুক্ত কৰিমগঞ্জ সীমান্তৰ চাৰি কিলোমিটাৰ এলেকা

author img

By

Published : Jul 1, 2023, 6:16 PM IST

Indo Bangla border
Indo Bangla border

কৰিমগঞ্জ চহৰৰ মাজেৰে বৈ যোৱা কুশিয়াৰা নৈৰ সীমান্ত অঞ্চলত ২০০৯ চনতেই কাঁইটীয়া তাঁৰৰ বেৰা দিয়া কাম আৰম্ভ কৰিছিল এন বি চি চিয়ে । নৈখনৰ পাৰত বাস কৰা লোকসকলক স্থানান্তৰ কৰিব নোৱৰা বাবে সম্পূৰ্ণ হোৱা নাই কাম । আর্থিক সাহায্য দিয়াৰ পাচতো একে স্থানত আছে লোকসকল । ওখকৈ গাৰ্ডৱাল নির্মাণ কৰাৰ ক্ষেত্রত বাধা বাংলাদেশৰ ।

গুৱাহাটী, ১ জুলাই: বিদেশী সমস্যাৰ সমাধানৰ বাবে এক দীঘলীয়া আন্দোলনৰ ফলশ্ৰুতিত অসম চুক্তি ৰূপায়ণ হ'ল যদিও চুক্তিখন আজি পৰ্যন্ত কাৰ্যকৰী নহ'ল । প্ৰতিখন চৰকাৰে অসম চুক্তিক লৈ মাথো ৰাজনীতি কৰি আহিছে । যাৰ বাবে আজিও বিদেশী সমস্যাৰ পৰা মুক্ত নহ'ল ৰাজ্য । আনকি আজিও সীমান্ত চীল কৰাৰ কামেই সম্পূৰ্ণ হৈ নুঠিল ।

Indo Bangla border
উন্মুক্ত ভাৰত বাংলাদেশ সীমন্তৰ চাৰি কিলোমিটাৰ পথ

লক্ষণীয় বিষয় যে সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰা দিয়া কামে চৰকাৰে স্থগিত ৰাখিবলৈ বাধ্য হৈছে । ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰা দিয়া কাম আন অঞ্চলত প্ৰায় সম্পূর্ণ হোৱাৰ সময়ত কৰিমগঞ্জ জিলাত ৪ কিলোমিটাৰ অঞ্চল আজিও উন্মুক্ত হৈয়েই ৰৈছে । কৰিমগঞ্জ চহৰৰ মাজেৰে বৈ যোৱা কুশিয়াৰা নৈৰ সীমান্ত অঞ্চলত ২০০৯ চনতেই কাঁইটীয়া তাঁৰৰ বেৰা দিয়া কাম এন বি চি চিয়ে আৰম্ভ কৰিছিল যদিও আজি পর্যন্ত সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই ।

Indo Bangla border
উন্মুক্ত সীমান্তই অসমলৈ আনিছে ভাবুকি

ইয়াৰ মূল কাৰণ হৈছে নৈখনৰ পাৰত বসতি কৰি থকা লোকসকলক আন স্থানলৈ স্থানান্তৰ কৰিব নোৱৰা । সীমান্ত অঞ্চলত বসবাস কৰি থকা লোকসকলক আন স্থানলৈ স্থানান্তৰিত কৰাৰ বাবে আর্থিক সাহায্য দিয়াৰ পাচতো একে স্থানত সেই লোকসকলে বসতি কৰি থকাত আজি পর্যন্ত ৪ কিলোমিটাৰ অঞ্চলত বেৰা দিয়া কার্য সম্পূৰ্ণ হোৱা নাই ।

Indo Bangla border
বাংলাদেশৰ বাধাৰ বাবে উন্মুক্ত কৰিমগঞ্জ সীমান্তৰ চাৰি কিলোমিটাৰ এলেকা

উল্লেখ্য যে সীমান্তৰ পৰা ডেৰশ গজ আঁতৰত কাঁইটীয়া তাঁৰৰ বেৰা দিব লাগে যদিও কুশিয়াৰা নৈৰ পাৰত বহু লোকে বসবাস কৰি থকাৰ পৰিপ্ৰেক্ষিতত ডেৰশ গজৰ পৰিৱৰ্তে বেৰা দিয়াৰ দুৰত্ব ৫০ গজলৈ চমু চপাই অনা হৈছিল । এই ক্ষেত্ৰত ভাৰত-বাংলাদেশ উভয় চৰকাৰে আলোচনা কৰি সিদ্ধান্ত লৈছিল । তাৰ পাচতো সম্ভৱ হোৱা নাই বেৰা দিয়া কাৰ্য ।

এফালে সীমান্ত অঞ্চলত বসবাস কৰি অহা লোকে আৰ্থিক সাহায্য পোৱাৰ পাচতো স্থান এৰি দিয়া নাই আৰু আনফালে এন বি চি চিয়ে নৈৰ পাৰত ওখকৈ গাৰ্ডৱাল নির্মাণ কৰিবলৈ লোৱাত বাংলাদেশে বাধা দিয়া আৰম্ভ কৰে । যিহেতু কাঁইটীয়া তাঁৰৰ বেৰা দিয়াৰ দূৰত্ব ডেৰশ গজৰ পৰিৱৰ্তে ৫০ গজলৈ চমু চপাই অনা হ’ল, সেয়ে নৈৰ পাৰত গাৰ্ডৱাল নিদিয়াকৈ কাঁইটীয়া তাঁৰৰ বেৰা দিয়া সহজ নাছিল ।

গতিকে ওখলৈ গাৰ্ডৱাল নির্মাণ কৰি তাৰ ওপৰত কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণৰ কাম ২০১৭ চনত আৰম্ভ কৰা হৈছিল। কিন্তু এই কাম আৰম্ভ কৰাৰ লগে লগে বাংলাদেশৰ পৰা বাধা আৰোপ কৰা হয় । নৈৰ গার্ডৱাল ওখকৈ নিৰ্মাণ কৰিলে বাৰিষাৰ সময়ত পানী বাংলাদেশলৈ বৈ যোৱাৰ আশংকা কৰি ওখকৈ গাৰ্ভৱাল নির্মাণত বাংলাদেশে আপত্তি দর্শায় । বাংলাদেশৰ যুক্তি হ’ল গার্ডৱাল নিৰ্মাণ কৰিলে ওখকৈ নহয়, চাপৰকৈ নিৰ্মাণ কৰি তাৰ ওপৰত কাঁইটীয়া তাঁৰৰ বেৰা দিব লাগে ।

কিন্তু কাঁইটীয়া তাঁৰৰ বেৰা দিবলৈ হ'লে গার্ডৱাল ওখ কৰিবই লাগিব । অন্যথা নৈৰ পাৰত কাঁইটীয়া তাঁৰৰ বেৰা দিয়া সম্ভৱ নহয় । কিন্তু বাংলাদেশে বাধা দিয়া বাবে সীমান্তত বেৰা দিয়া কাম আৰম্ভ কৰিও পুনৰ স্থগিত ৰাখিবলৈ বাধ্য হৈছে এন বি চি চি । যাৰ বাবে আজি পর্যন্ত উন্মুক্ত হৈ আছে সীমান্তৰ চাৰি কিলোমিটাৰ অঞ্চল ।

লক্ষণীয় বিষয় যে ডেৰশ গজ দূৰত কাঁইটীয়া তাঁৰৰ বেৰা দিয়া হ'লে নৈৰ পাৰত গাৰ্ডৱাল ওখকৈ নিৰ্মাণ কৰাৰ প্রশ্নই নাহে । কিন্তু ডেৰশ গজ দূৰত কাঁইটীয়া তাঁৰৰ বেৰা দিবলৈ হ'লে তাত বসবাস কৰি থকা লোকসকলক আন স্থানলৈ স্থানান্তৰিত কৰিবই লাগিব । নৈৰ পাৰ অঞ্চলত বসবাস কৰি অহা লোকসকলক স্থানান্তৰ কৰিবৰ বাবে ইতিমধ্যে চৰকাৰে ১৮.৫৬ কোটি টকা ক্ষতিপূৰণ আদায় দিছে ।

কিন্তু তাৰ পাচতো সেই লোকসকলক জিলা প্রশাসনে আন স্থানলৈ স্থানান্তৰিত কৰিব নোৱৰাত বেৰা নিৰ্মাণৰ কামেই অদূৰ ভৱিষ্যতলৈ স্থগিত হৈ ৰৈছে । এইক্ষেত্রত ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰৰে আলোচনা কৰি বিষয়টো মীমাংসা নকৰিলে উন্মুক্ত হৈয়ে থাকিব চাৰি কিলোমিটাৰ এলেকা । যিটো অসমৰ বাবে ভাবুকি স্বৰূপ ।

লগতে পঢ়ক: Kushiyara river treaty: বাংলাদেশলৈ ব’ব কুশিয়াৰা নৈৰ পানী; কৰিমগঞ্জত ভাৰত বাংলাদেশ প্ৰতিনিধিৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.