ETV Bharat / state

Kushiyara river treaty: বাংলাদেশলৈ ব’ব কুশিয়াৰা নৈৰ পানী; কৰিমগঞ্জত ভাৰত বাংলাদেশ প্ৰতিনিধিৰ বৈঠক

author img

By

Published : Jun 25, 2023, 10:43 PM IST

শীঘ্ৰেই বাংলাদেশলৈ এৰি দিয়া হ’ব কুশিয়াৰা নৈৰ পানী ৷ ইতিমধ্যেই 2022 চনত এই সন্দৰ্ভত দুয়োখন দেশৰ মাজত স্বাক্ষৰ হৈছে চুক্তি ৷ দেওবাৰে কৰিমগঞ্জত ভাৰত-বাংলাদেশ প্ৰতিনিধিৰে অনুষ্ঠিত হয় বৈঠক ৷

Kushiyara river treaty
Kushiyara river treaty

কৰিমগঞ্জ, 25 জুন: কুশিয়াৰা পানী বোৱাই নিয়া হ’ব বাংলাদেশলৈ ৷ কুশিয়াৰা নদীৰ পানী বাংলাদেশলৈ বোৱাই নিয়াৰ প্ৰেক্ষাপটত দেওবাৰে কৰিমগঞ্জত দুয়োখন দেশৰ মাজত প্ৰথমখন বৈঠক অনুষ্ঠিত হয় ৷ বাংলাদেশৰ চিলেট অঞ্চলৰ ৰহিম খালৰ মাজেৰে পাৰ হ’ব কুশিয়াৰা নদীৰ পানী ৷

বাংলাদেশে ইতিমধ্যেই ইয়াৰ বাবে বিভিন্ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে ৷ চিলেট অঞ্চলৰ ৰহিম খালত বাংলাদেশে তিনিবছৰ পূৰ্বেই পাম্প হাউচ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছিল ৷ কিন্তু ভাৰতৰ আপত্তিৰ বাবে কুশিয়াৰা নদীৰ পানী ৰহিম খাললৈ বোৱাই নিয়াত বাধাৰ সৃষ্টি হৈছিল ৷ কিন্তু বিগত বৰ্ষত ভাৰত চৰকাৰে বাংলাদেশৰ সৈতে স্বাক্ষৰ কৰিছে চুক্তিত ৷

এই চুক্তি ভাৰত আৰু বাংলাদেশৰ মাজত 2022চনৰ 6 ছেপ্টেম্বৰত কাৰ্যকৰী কৰা হৈছিল ৷ এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে জলসম্পদ উন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ জলশক্তি বিভাগে ৷ দুয়োখন দেশৰ মাজত বুজাবুজিৰ স্মাৰক হিচবেবাংলাদেশে খৰালিকালত কুছিয়াৰাৰ পৰা প্ৰতি ছেকেণ্ডত 153 কিউচেক পানী সংগ্ৰহ কৰিবলৈ সক্ষম হ’ব ৷

উল্লেখ্য যে দেওবাৰে কৰিমগঞ্জত জলসম্পদ বিভাগৰ বৰাক আৰু উত্তৰ কাছাৰ পাহাৰীয়া জিলাৰ অতিৰিক্ত মুৰব্বী অভিযন্তা সমীৰণ ডেকাৰৰ নেতৃত্বত অনুষ্ঠিত হোৱা বৈঠকত বাংলাদেশৰ জল উন্নয়ন বিভাগৰ মুৰব্বী অভিযন্তা খুশী মোহন সৰকাৰ, অধীক্ষক অভিযন্তা প্ৰবীৰ কুমাৰ গোস্বামীৰ উপৰিও বাংলাদেশৰ প্ৰতিনিধি দলটোত আৰু পাঁচজন সদস্য উপস্থিত থাকে ৷

এই বৈঠকত বাংলাদেশৰ সীমান্তৰক্ষীৰ 19 নং বেটেলিয়নৰ অতিৰিক্ত সঞ্চালক মোঃ নজৰুল ইছলামো উপস্থিত থাকে ৷ ভাৰতীয় প্ৰতিনিধি দলটোত জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা হাইলাকান্দি, বি এছ এফৰ ডি আই জিকে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকে ৷

কুশিয়াৰা নদীৰ পানী বিতৰণ সন্দৰ্ভত দুয়োখন দেশৰ প্ৰতিনিধিৰ মাজত এক দীঘলীয়া আলোচনা অনুষ্ঠিত হয় ৷ ভাৰতীয় প্ৰতিনিধি দলটোৱে কুশিয়াৰা নদীৰ যি অংশৰ মাজেৰে ৰহিম খাললৈ পানী বৈ যায়, সেই ভগ্ন অঞ্চলৰ সেই অংশটো নিৰীক্ষণ কৰিবলৈ যাব আৰু সমগ্ৰ দিশ পৰ্যৱেক্ষণ কৰিব ৷

লগতে পঢ়ক: Opposition party meet: বিৰোধীৰ উমৈহতীয়া বৈঠক ‘ফ্লপ শ্ব’; হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.