Ashokastami Mela Kaliabor: কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত হৈছে অশোকাষ্টমী মেলা

By

Published : Mar 29, 2023, 2:04 PM IST

thumbnail

কলিয়াবৰ, 29 মাৰ্চ : কলিয়াবৰৰ অশোকাষ্টমী শিলঘাট মেলাত ভক্তৰ নিৰাপত্তা সুনিশ্চিত কৰি ৰাখিবলৈ সষ্টম হৈ পৰিছে মহকুমা প্ৰশাসনৰ লগতে নগাঁও জিলা আৰক্ষী ৷ মেলাস্থলী তদাৰক কৰিছে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে কলিয়াবৰ মহকুমাৰ দুগৰাকীকৈ কাৰ্যবাহী দণ্ডাধীশে । স্নিফাৰ ডগৰ জৰিয়তে কলিয়াবৰৰ শিলঘাট মেলাস্থলী পৰ্যবেক্ষণ কৰিছে আৰক্ষীয়ে ।

আনহাতে শিলঘাট অশোকাষ্টমী মেলাৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে মহকুমা প্ৰশাসনে । সকলো দৰ্শনাৰ্থীক মেলাস্থলীলৈ শিলঘাট তিনিআলিৰ মূল পথেৰে আহিবলৈ আহ্বান জনাইছে প্ৰশাসনে (Ashokastami Mela Kaliabor) । ঢেকীয়াপতীয়া বাঘৰ বিচৰণৰ বাবেই সোণাৰী গাঁও-কামাখ্যা মন্দিৰ সংযোগী পথেৰে মেলালৈ অহাত নিষেধাজ্ঞা জাৰি কৰিছে । মেলাৰ বাবে অধিক সষ্টম হৈ পৰিছে আৰক্ষী-অৰ্ধসামৰিক বাহিনী । আজিৰে পৰা ২ এপ্ৰিললৈকে অনুষ্ঠিত হ’ব বিৰাট শিলঘাট মেলা । উল্লেখ্য যে, বুধবাৰে পুৱাই শিলঘাট নদীঘাটত অশোকাষ্টমী স্নানৰ বাবে ভিৰ কৰেহি ভক্ত-দৰ্শনাৰ্থীয়ে ।

লগতে পঢ়ক : Ashokashtami 2023: অশোকাষ্টমী মেলাৰ আজি পৱিত্ৰ অশোকাষ্টমী স্নান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.