Ashokashtami 2023: অশোকাষ্টমী মেলাৰ আজি পৱিত্ৰ অশোকাষ্টমী স্নান

By

Published : Mar 29, 2023, 11:25 AM IST

thumbnail

কলিয়াবৰ, 29 মাৰ্চ : আৰম্ভ হ’ল বহু প্ৰত্যাশিত অশোকাষ্টমী মেলা ৷ মংগলবাৰৰ পৰা নাম-প্ৰসংগৰে আৰম্ভ হয় বিখ্যাত অশোকাষ্টমী মেলাৰ ৷ পুৱতি নিশাৰ পৰাই ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে ব্ৰহ্মপুত্ৰৰ বুকুত স্নান কৰিবলৈ (Ashokastami Snan at Silghat) ৷ পৱিত্ৰ অশোকাষ্টমী স্নানৰ বাবে বহু ৰাজ্যৰ ভক্তই ভিৰ কৰিছেহি শিলঘাটৰ নদীৰ ঘাটত ৷

মঙলবাৰে নিশা অসমৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ত সপ্তমী তিথিত অনুষ্ঠিত হয় বাসন্তী পূজা । ওৰে নিশা নাম গায় ভক্তপ্ৰাণ ৰাইজে । বুধবাৰে অষ্টমী তিথিৰ দিনটোত হাজাৰ-হাজাৰ দৰ্শনাৰ্থীৰ সমাগম ঘটে কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰ ঘাটত । ব্ৰহ্মপুত্ৰত পৱিত্ৰ স্নান কৰাৰ উদ্দেশ্য ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছেহি শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত ।

প্ৰবাদ আছে যে, চ'ত মাহৰ শুক্লা অষ্টমীৰ দিনটোত পৱিত্ৰ গংগা নৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উজাই বয় আৰু এই পৱিত্ৰ জলধাৰাত স্নান কৰিলে পাপ খণ্ডন হয় (Ashokastami snan Silghat) ৷ এই জনবিশ্বাস সমাজত বহু সময় ধৰি প্ৰচলিত হৈ আছে । সেয়েহে, এই দিনটোত ব্ৰহ্মপুত্ৰত গংগা স্নান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ-হাজাৰ লোকৰ সমাগম ঘটে । অশোকাষ্টমী উপলক্ষে আজিৰে পৰা শিলঘাটৰ কামাখ্যা দেৱালয়ৰ নামনিত ২ এপ্ৰিললৈকে অনুষ্ঠিত হ’ব বিশাল অশোকাষ্টমী শিলঘাট মেলা (Ashokastami mela)। ১২ শতাধিক বিপনীৰে আৰম্ভ হৈছে এই বিৰাট শিলঘাট মেলা ।

লগতে পঢ়ক : Millet Festival: পৰ্যটন বিভাগৰ উদ্যোগত চামগুৰিত মিলেট ফেষ্টিভেল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.