Raghav Boycott Trend : ৰাঘৱক লৈ সৃষ্টি হোৱা পৰিৱেশে ভীতিগ্ৰস্ত কৰিছে বৰষা ৰাণী বিষয়াক

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 10:04 PM IST

thumbnail

ৰহা, 4 নৱেম্বৰ : ৰাঘৱ চিনেমাৰ সম্পৰ্কত মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷ অভিনেত্ৰীগৰাকীয় কয় যে শেহতীয়াকৈ ৰত্নাকৰ, শ্ৰীৰঘূপতিলৈকে ৰাইজে অসমীয়া ছবি খুউব সুন্দৰকৈ চাইছে ৷ তিনি মাহ, চাৰি মাহ পৰ্যন্ত একোখন ছবি চাইছিল ৰাইজে ৷

কিন্তু বৰ্তমান ৰাঘৱৰ ক্ষেত্ৰত যিটো পৰিৱেশৰ সৃষ্টি হৈছে তাৰ পৰা কিছু পৰিমাণে ভয় খোৱাৰ লগতে দুখ পোৱা বুলি মন্তব্য কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷ আনহাতে অভিনেত্ৰীগৰাকী আশা প্ৰকাশ কৰে যে শীঘ্ৰে অসমীয়া চিনেমালৈ সুস্থিৰতা আহিব ৷

উল্লেখ্য যে, শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰহাৰ পলশাগুৰি সাৰ্বজনীন নামঘৰৰ শতবৰ্ষ অনুষ্ঠান । শুকুৰবাৰে পুৱা এশখন পতাকা উত্তোলন, ধৰ্মালোচনী সভা আদি অনুষ্ঠিত হোৱাৰ পাচত শনিবাৰে পুৱা উলিওৱা হয় এক বৰ্ণিল ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা । উক্ত শোভাযাত্ৰা উদ্বোধন কৰে জনপ্ৰিয় অভিনেত্ৰী বৰষৰাণী বিষয়াই ।

লগতে পঢ়ক : Raghav Controversy: বিতৰ্কৰ মাজতেই ৰাঘৱে অতিক্ৰম কৰিলে এটা সপ্তাহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.