ETV Bharat / entertainment

Raghav Controversy: বিতৰ্কৰ মাজতেই ৰাঘৱে অতিক্ৰম কৰিলে এটা সপ্তাহ

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 4:03 PM IST

বহুলোকে বৰ্জন কৰিলে ৰাঘৱ ৷ মুক্তিৰ পূৰ্বৰে পৰাই বিৰ্তকৰ মাজত সোমাই পৰা ৰাঘৱক আদৰি নল’লে বহুলোকে ৷ তাৰ মাজতে ৰাঘৱে অতিক্ৰম কৰিলে এটা সপ্তাহ ৷

new-assamese-movie-raghav-spent-a-week-in-the-midst-of-controversy
বিতৰ্কৰ মাজতেই ৰাঘৱ অতিক্ৰম কৰিলে এটা সপ্তাহ

গুৱাহাটী, 4 নৱেম্বৰ: ৰাইজে নখ জোকাৰিলে নৈ বয় ৷ এই ফকৰা যোজনাটিয়েই যেন এতিয়া প্ৰযোজ্য হ’ল যতীন বৰাৰ সদ্য মুক্তিপ্ৰাপ্ত ছবি ৰাঘৱৰ ওপৰতো ৷ কা আন্দোলনৰ বিৰোধিতা কৰাই এতিয়া কাল হ’ল অভিনেতা যতীন বৰাৰ বাবে ৷ বহুলোকে বৰ্জন কৰিলে ৰাঘৱ ৷ মুক্তিৰ পূৰ্বৰ পৰাই বিৰ্তকৰ মাজত সোমাই পৰা ৰাঘৱক আদৰি নল’লে বহুলোকে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বিগত ২৭ অক্টোবৰত ছবিগৃহলৈ আহিছিল নতুন অসমীয়া ছবি ৰাঘৱ ৷ টীম ৰাঘৱে জনোৱা অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৬২টা ছবিগৃহৰ লগতে সমগ্ৰ দেশৰে ২০০ৰো অধিক ছবিগৃহত মুক্তিলাভ কৰিছিল অসমীয়া ছবি ৰাঘৱে ৷ কিন্তু মুক্তিৰ আগমুহূৰ্তৰ পৰা বিৰ্তকৰ মাজত সোমাই পৰা ৰাঘৱে নাপালে দৰ্শকৰ আশা কৰা অনুসৰি সঁহাৰি ৷ দৰ্শকে আদৰি লোৱাৰ সলনি ছবিখনক সমালোচনাহে কৰা দেখা গল ৷ ৰাঘৱৰ মুক্তিৰ প্ৰথম দিনাৰ মুঠ উপাৰ্জন ৩০ লাখ টকা বুলি টীম ৰাঘৱে জনাইছিল যদিও, সেয়াও যেন বিশ্বাস নকৰিলে বহুজনে ৷

অৱশ্যে প্ৰথম দিনাৰ পিছৰে পৰা আজিলৈকে ৰাঘৱৰ সৰ্বমুঠ কিমান কালেকচন সেয়া জানিব পৰা হোৱা নাই ৷ এই সম্পৰ্কে সংবাদমাধ্যমক জনোৱাৰ পৰাও বিৰত আছে ৰাঘৱৰ প্ৰযোজক ৷ বিৰ্তকৰ মাজতেই আজি পুনৰ দ্বিতীয় সপ্তাহৰ বাবে ছবিগৃহ সমূহৰ সময়সূচী প্ৰকাশ কৰে যতীন বৰাই ৷

যতীন বৰাৰ প্ৰযোজনাত জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত দ্বিতীয়খন ছবি হৈছে ৰাঘৱ ৷ যোৱা ১ আগষ্টত ছবিখনৰ প্ৰথমটো টিজাৰ মুকলি কৰা হৈছিল ৷ ৰাঘৱৰ টিজাৰ মুকলি কৰাৰ পাছতেই ছবিখন কিছু পৰিমাণে সমালোচনাৰ সন্মুখীন হোৱা দেখা গৈছিল ৷ তেতিয়াই একাংশই সিদ্ধান্ত গ্ৰহণ কৰিছিল ছবিখনৰ বর্জনৰ ৷ সামাজিক মাধ্যমত ‘কা’ বিৰোধী সকলে চিনেমাখন বৰ্জন কৰিবলৈ কোৱাৰ বিপৰীতে ‘কা’ সমৰ্থকে শিল্পী আৰু ৰাজনীতিক একাকাৰ নকৰিবলৈ আহ্বান কৰি ‘ৰাঘৱ’ক আঁকোৱালি ল'বলৈ মন্তব্য প্ৰকাশ কৰি আহিছে ৷

উল্লেখযোগ্য যে ২০১৯ চনত ছবিগৃহলৈ আহিছিল যতীন বৰাৰ ছবি পৰিচালিত প্ৰথম ছবি 'ৰত্নাকৰ' ৷ ৰত্নাকৰ চাবলৈ হিলদ'ল ভাঙি ছবিগৃহলৈ দৰ্শকৰ সোঁত বৈছিল ৷ কিন্তু 'ৰত্নাকৰ'ৰ দৰে ৰাঘৱক আদৰি নল’লে ৰাইজে ৷ এতিয়া প্ৰশ্ন হয় যে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিব পাৰিব নে বিতৰ্কৰ শিৰোনামহে দখল কৰিব যতীন বৰাৰ সদ্য মুক্তিপ্ৰাপ্ত ছবি ৰাঘৱে ৷

লগতে পঢ়ক: Actor Raag Oinitom Controversy: ৰাগ ঐনিতমে বেয়াকৈ কোৱা নাছিল; ৰাইজেহে হেনো ভুলকৈ বুজিলে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.