অনিমেষ ভূঞাৰ স্মৃতিত স্মৃতিসৌধ নিৰ্মাণৰ প্ৰতিশ্ৰুতি পাহৰিলে ৰজাঘৰে

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 5:23 PM IST

thumbnail

যোৰহাট, ২৯ নবেম্বৰ: যোৰহাট নগৰৰ মাজমজিয়াত মৰিয়াই মৰিয়াই হত্যা কৰা ছাত্ৰনেতা অনিমেষ ভূঞাৰ মৃত্যুৰ আজি দুটা বছৰ পূৰ্ণ হ'ল । আজিৰ দিনটোতে এচাম নৰপিশাচৰ হাতত প্ৰাণ গৈছিল ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ । যোৰহাটৰ নিৰ্মল চাৰিআলিত বুধবাৰে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই আয়োজন কৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি । সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত উপ সভাপতি অভিৱৰ্তন গোস্বামীয়ে জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি ।

আজিও সম্পূৰ্ণ নহ'ল চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ । যোৰহাট নগৰত স্মৃতিসৌধ নিৰ্মাণ,অনিমেষৰ ভাতৃৰ সংস্থাপন,ব্ৰহ্মপুত্ৰ অঞ্চলত এটি ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতি দিছিল ৰজাঘৰে । আনহাতে, আজিও আদালতৰ মজিয়াতে আছে অনিমেষৰ ন্যায়ৰ প্ৰক্ৰিয়া । যেন আৱেগতে সকলো শেষ । সকলোৱে শীঘ্ৰেই সকলো আশ্বাস পূৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে জনাইছে দাবী ।  

লগতে পঢ়ক:মটৰচাইকেল চোৰৰ পিছে পিছে দৌৰিলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.