মটৰচাইকেল চোৰৰ পিছে পিছে দৌৰিলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 4:33 PM IST

thumbnail

ধুবুৰী, 29 নৱেম্বৰ : অৱশেষত ৰাইজৰ নিদ্ৰা হৰণ কৰা মটৰচাইকেল চোৰৰ এতিয়া নিদ্ৰা হৰণ কৰিব আৰক্ষীয়ে ৷ নয়াহাট আৰক্ষী চকীৰ বিশেষ সফলতা ৷ বিলাসীপাৰা থানাৰ অন্তৰ্গত নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱান হায়াত আলীয়ে খেদি খেদি আটক কৰে এটা দুধৰ্ষ মটৰচাইকেল চোৰক ৷ লগতে জব্দ কৰে চোৰাং কামত ব্যৱহৃত বাইকো ৷

জানিব পৰা মতে, বহু দীৰ্ঘ সময় ধৰি এই দুধৰ্ষ মটৰচাইকেল চোৰটোৱে উৎপাত চলাই আহিছিল ৷ বাইকবোৰ চুৰি কৰি নি অন্য অন্য ঠাইত বিক্ৰী কৰিছিল চোৰটোৱে ৷ চোৰটোৰ নাম নিজামুদ্দিন বুলি জানিব পৰা গৈছে ৷ শেহতীয়াকৈ বাইক চুৰি কৰি বিক্ৰী কৰি থকা অৱস্থাত হাকামা অঞ্চলৰ পৰা আটক কৰা হয় নিজামুদ্দিনক ৷

নিজামুদ্দিনে দীৰ্ঘ দিনৰ পৰাই বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত বাইক চুৰিকাৰ্য সংঘটিত কৰি আহিছিল । বাইক চুৰি কৰি নম্বৰ প্লেট বদলি কৰি ভুৱা নম্বৰ, আৰচি বনাই কৰি বিক্ৰী কৰি আহিছিল । গীৰাইগাঁও, হাকামা ,শৌলমাৰী আদি অঞ্চলৰ পৰা চাৰিখনকৈ বাইক জব্দ কৰে নয়াহাট আৰক্ষীয়ে । এই বাইকসমূহৰ নম্বৰসমূহ হ’ল AS01 DP 4983, AS 17 G 9179, AS 25 M 5084 আৰু AS 25 P 6910 বুলি জানিব পৰা গৈছে । অধিক তথ্যৰ বাবে নয়াহাট আৰক্ষীয়ে চোৰটোক আটক কৰি তদন্ত অব্যাহত ৰাখিছে । চোৰটোৰ পৰা আৰু কেবাখনো চুৰি কৰা বাইক উদ্ধাৰ হোৱা সম্ভাৱনা আছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ।

লগতে পঢ়ক : ৰঙিয়াত চাইকেল চোৰ কৰিবলৈ গৈ হাতে-লোটে ধৰা পৰিল ড্ৰাগছ সেৱনকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.