AASU protest in Dhemaji:ধেমাজি বন বিভাগৰ দুনীৰ্তিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 5:14 PM IST

thumbnail

ধেমাজি, 29 ছেপ্টেম্বৰ : ৰাজ্যত চলিছে এতিয়া প্ৰতিবাদৰ ঢৌ ৷ ৰাজ্য চৰকাৰৰ বহু কাৰ্যই ব্যতিব্যস্ত কৰি তুলিছে সৰ্বসাধাৰণ জনতাক ৷ বিভিন্ন দল-সংগঠনৰ লগত মিলিত হৈ এতিয়া জনতা প্ৰতিবাদমুখৰ হৈ পৰিছে ৷

শেহতীয়াকৈ ধেমাজি জিলাত বন বিভাগৰ দুনীৰ্তিৰ বিৰুদ্ধে প্ৰতিবাদ বহিল আছু ৷ ধেমাজি জিলা বন বিভাগত চলি থকা অবাধ দুনীৰ্তি আৰু অনিয়মৰ বিৰুদ্ধে শুকুৰবাৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই জিলা বন সংমণ্ডলৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ৷

প্ৰতিবাদীসকলে ধেমাজি বন বিভাগ হুঁচিয়াৰ, শিল-বালিৰ অবৈধ সৰবৰাহ বন্ধ কৰক, বন-মাফিয়াৰ লগত মিতিৰালি বন্ধ কৰক, বনজ সম্পদৰ অবৈধ সৰবৰাহ বন্ধ কৰক আদি দাবীৰে চৌদিশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীয়ে লগতে জিলাখনৰ পৰ্বা অভয়াৰণ্যক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক : AASU protest in Dhemaji:বিদ্যালয় বন্ধৰ সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদত উত্তাল ধেমাজি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.