Death Anniversary of Bhupen Hazarika: দীঘলীপুখুৰীৰ পাৰত 10 হাজাৰ বন্তি জ্বলাই সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি আছুৰ

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 10:45 PM IST

thumbnail

গুৱাহাটী, 5 নৱেম্বৰ : আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী । বিশ্ববৰণ্য শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ বিভিন্ন স্থানটো দল, সংগঠনে সুধাকণ্ঠ গৰাকীক স্মৰণ কৰে ৷ আজি দীঘলীপুখুৰীৰ পাৰত আছুৰ উদ্যোগত ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।

পুৱা দীঘলীপুখুৰী পাৰৰ সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে প্ৰতি বছৰৰ দৰে এইবাৰো আছুৰ উদ্যোগত সন্ধিয়া দীঘলীপুখুৰীৰ পাৰত 10 হাজাৰ বন্তি জ্বলাই গণ শিল্পী, ভাৰতৰত্ন ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনায় । উক্ত অনুষ্ঠানত উপস্থিত আছিল আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্য আৰু আছুৰ আন বিষয়ববীয়াসকল । ইফালে শিল্পী কৈলাশ ৰাভা আৰু সংগীবৃন্দই ছেক্স’ফোনৰ জৰিয়তে ভূপেন হাজৰিকাৰ কালজয়ী গীত পৰিৱেশন কৰে ৷

লগতে পঢ়ক:Death Anniversary of Bhupen Hazarika: সাধিক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰৰ বিভিন্নজনে শ্ৰদ্ধা জনালে সুধাকণ্ঠক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.