লক্ষ্য লোকসভা নিৰ্বাচন; ডিব্ৰুগড়ৰ পৰা আপ অসমে আৰম্ভ কৰিলে গাঁৱলৈ যাত্ৰা

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 7:41 PM IST

thumbnail

ডিব্ৰুগড়, 26 নৱেম্বৰ : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে দলৰ ভেঁটি শক্তিশালী কৰা বাবে আৰম্ভ কৰিছে বিভিন্ন কাৰ্যসূচী ৷ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা, বিজেপিৰ অমৃত কলহ যাত্ৰা, অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাৰ পাছতে এইবাৰ আম আদমী পাৰ্টীৰ গাঁৱলৈ যাত্ৰা ৷ আপৰ 11 সংখ্যাক প্ৰতিষ্ঠা দিৱসৰ দিনাই ডিব্ৰুগড়ত শুভাৰম্ভ হ'ল গাঁৱলৈ যাত্ৰা ৷

আপৰ কেন্দ্ৰীয় প্ৰভাৰী ৰাজেশ শৰ্মা, আপ অসমৰ সভাপতি ভৱেন চৌধুৰী, উপ-সভাপতি মনোজ ধানোৱাৰ, ৰাজ্যিক সাধাৰণ সম্পাদক মামোন ইমদাদুল হক চৌধুৰীৰ লগতে ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত আৰম্ভ হ'ল গাঁৱলৈ যাত্ৰা কাৰ্যসূচী ৷ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দলৰ ভেঁটি শক্তিশালী কৰাৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ পৰা আপ অসমে আৰম্ভ কৰিলে গাঁৱলৈ যাত্ৰা ৷ এই বাইক ৰেলীত ডিব্ৰুগড়ৰ কেইবাটাও বিধানসভা সমষ্টিৰ কেইবা শতাধিক আপ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চই লুৰীণজ্যোতি গগৈক প্ৰক্ষেপ কৰিব বুলি এক প্ৰকাৰ নিশ্চিত হোৱাৰ সময়তে ডিব্ৰুগড় লোকসভাত আপৰ শক্তি প্ৰদৰ্শন কৰি নিজৰ গণ ভেঁটিৰ উমান দিলে বিৰোধী ঐক্যক ৷ ডিব্ৰুগড় পুৰণি হাইস্কুল খেলপথাৰৰ পৰা হোৱা বিশাল বাইক ৰেলী কৰি ''গাঁৱলৈ যাত্ৰা''ৰ জৰিয়তে ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ লগতে দলীয় ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা চলাই আপে ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আপৰ কেন্দ্ৰীয় প্ৰভাৰী ৰাজেশ শৰ্মাই অসমত আপৰ সাংগঠনিক কাম-কাজ শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে বুলি কয় সংবাদ মাধ্যমৰ আগত ৷ 

লগতে পঢ়ক : বিজেপিৰ নিৰ্মূল কৰিবলৈ গাঁৱে-ভূঞে যাব তৃণমূল কংগ্ৰেছ অসম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.