নলবাৰীৰ ৰাস: বৰগীত লৈ সাজু চাৰে চাৰি কুৰি যুৱতী-মহিলা

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 5:49 PM IST

thumbnail

নলবাৰী, ২৫ নৱেম্বৰ : নলবাৰী ৰাস মহোৎসৱলৈ মাজত মাত্ৰ আৰু কেইটামানঘন্টা । কাইলৈ সন্ধিয়া শুভ উদ্বোধন হ’ব নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৯০ সংখ্যক ৰাস মহোৎসৱৰ । ৰাসৰ বাবে উখল-মাখল পৰিৱেশৰ মাজেৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বিভিন্ন আখৰাসমূহে । ২৬ নৱেম্বৰ অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ’ব নলবাৰী ৰাস মহোৎসৱ ।

৯০ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ বাবে এতিয়া সাজু হৰিমন্দিৰ সমিতিও । এইবেলি ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত বৰগীত প্ৰদৰ্শনৰ বাবেও চলিছে অনুশীলন । প্ৰায় ৯০ গৰাকী যুৱতী-মহিলাই নলবাৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা স্বপ্না শইকীয়াৰ নেতৃত্বত চলাইছে বৰগীতৰ আখৰা । এইবাৰৰ ৰাস বিশেষ, কিয়নো ৯০ সংখ্যক ৰাস হেতুকে ৯০ গৰাকী যুৱতী-মহিলাই পৰিবেশন কৰিব বৰগীত । ইয়াৰ বাবে নলবাৰী সংগীত মহাবিদ্যালয়ত ব্যাপক প্ৰস্তুতি দেখা গৈছে ।

কাইলৈ সন্ধিয়া ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত এওঁলোকে পৰিৱেশন কৰিব বৰগীত । উল্লেখযোগ্য যে, ৯০ তম নলবাৰী ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত ধাৰাবাহিক মহাভাৰতত কৃষ্ণ চৰিত্ৰত অভিনয় কৰা নীতিষ ভৰদ্বাজ উপস্থিত থাকিব । ইয়াৰ উপৰিও উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট ব্যক্তি , ৰাজনৈতিক নেতা-মন্ত্ৰী আৰু সাংসদ । মুঠতে এতিয়া নলবাৰীৰ চাৰিওফালে ৰাসৰ সুগন্ধি বিয়পি পৰিছে ৷

লগতে পঢ়ক : ৰাজ্যত ৰাস মহোৎসৱৰ জোৰদাৰ প্ৰস্তুতি; সাজুনে আপুনিও ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.