ETV Bharat / state

ৰাজ্যত ৰাস মহোৎসৱৰ জোৰদাৰ প্ৰস্তুতি; সাজুনে আপুনিও ?

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 6:15 PM IST

তেৰ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱ উদযাপন কৰা হ’ব ছয়গাঁও ৰাসক্ষেত্ৰত ৷

Raas mahotsav 2023
ছয়গাঁও ৰাসক্ষেত্ৰ

ছয়গাঁও ৰাসক্ষেত্ৰ

মিৰ্জা, 23 নৱেম্বৰ : ৰাস বন্দনাৰে মুখৰিত অসমৰ আকাশ-বতাহ ৷ আঘোণ মাহৰ পূৰ্ণিমাৰ পৰা আৰম্ভ হ’ব ৰাসলীলা ৷ ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে ৷ উজনিত যদি ৰাসৰ বাবে ভাৱৰীয়াই কংসৰ বচন, দৈৱকীৰ বিলাপ আওৰাইছে, নামনিত আকৌ খনিকৰে শেষবাৰলৈ তুলিকা বুলাইছে ৰাধা-কৃষ্ণৰ পৰা বিভিন্ন প্ৰতিমূৰ্তিত ৷ উজনি আৰু মধ্য অসমত যিহেতু মানুহৰ দ্বাৰা ৰাস পৰিৱেশন কৰা হয় সেয়ে নামঘৰ সমূহ মুখৰিত হৈ পৰিছে খোল-তালৰ শব্দৰে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ছয়গাঁও ৰাসক্ষেত্ৰত এইবাৰ তেৰ দিনীয়াকৈ ৰাস মহোৎসৱ উদযাপন কৰা হ’ব ৷ এই ৰাস মহোৎসৱৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি । ৬৬ সংখ্যক ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱখনি অহা ২৬ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ছয়গাঁও ৰাসক্ষেত্ৰত অনুষ্ঠিত হ’ব । ছয়গাঁও ৰাসক্ষেত্ৰৰ উপৰিও এইবেলি ছয়গাঁও শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰলৈও ৰাস মহোৎসৱৰ সম্প্ৰসাৰণ কৰা হৈছে ।

২৬ নৱেম্বৰ দেওবাৰে পুৱা ৰাস মহোৎসৱৰ সভাপতি ডাঃ কমলাকান্ত কলিতাই পতাকা উত্তোলনেৰে ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰিব । সন্ধিয়া ৰাধাকৃষ্ণৰ যুগল মূৰ্তি স্থাপনৰ পিচতে অনুষ্ঠিত হ’ব লগা ৰাস মহোৎসৱৰ উদ্বোধনী সভাত কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । ৰাস মহোৎসৱৰ অন্তিম দিনা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু অসামৰিক যোগান বিভাগৰ মন্ত্রী ৰণজিৎ কুমাৰ দাস ।

মহোৎসৱৰ আটাইকেইদিনৰ কাৰ্যসূচীতে নিত্য নৈমিত্তিক পূজা-অৰ্চনা, দিহানাম, চৈতিলী আৰু ঘোষানাম প্ৰতিযোগিতাৰ লগতে বিগত বছৰবোৰৰ দৰে এইবাৰো ৰাস মহোৎসৱত যাত্ৰাভিনয় প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব । ইতিমধ্যে উদযাপন সমিতিয়ে ৰাস মহোৎসৱখনি সফল কৰি তুলিবলৈ পূৰ্ণোদ্যমে প্ৰস্তুতি চলাই আছে । মৃন্ময় মূৰ্তিত জীৱন্ত ৰূপ প্ৰদানৰ প্ৰয়াস কৰা হৈছে । ভগৱান শ্ৰীকৃষ্ণৰ লীলাক মৃন্ময় মূৰ্তিৰ জৰিয়তে উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে । এইবেলিও ৰাস মহোৎসৱৰ প্ৰতিটো দিনেই ভক্তপ্ৰাণ লোকৰ যথেষ্ট সমাগম ঘটিব বুলি আশা কৰিছে আয়োজকসকলে ।

লগতে পঢ়ক : ৰাসৰ আখৰাত গুঞ্জৰিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বামুণী গোঁসাই থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.