ETV Bharat / bharat

প্ৰথমে নাবালিকাক সৰবৰাহ, তাৰ পিচত ধৰ্ষণ কৰি হত্যা... - MINOR GIRL raped and murdered

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 4:44 PM IST

Rape of tribal girl: কেইটামান ধনেই কাল মাতিলে এগৰাকী কিশোৰীৰ জীৱনলৈ ৷ পৰিয়ালক সকাহ দিবলৈ ধন ঘটিবলৈ কাম কৰিবলৈ গৈছিল এগৰাকী কিশোৰী ৷ 8 মাহৰ পিচত ঘৰলৈ উভতিল কিশোৰীৰ মৃতদেহ ৷

Rape of tribal girl
জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড: প্ৰথমে নাবালিকাক সৰবৰাহ, তাৰি পিচত ধৰ্ষণ কৰি হত্যা (ETV BHARAT HINDI)

নেশ্যনেল ডেস্ক, 6 জুন : দাৰিদ্ৰতাই কি কৰিব নোৱাৰে ? নিজৰ দৰিদ্ৰ পৰিয়ালক অলপ সকাহ দিয়াৰ উদ্দেশ্যেৰে এগৰাকী কিশোৰীয়ে এটা ইটাভাটাত কাম কৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল ৷ গাঁৱৰে এজন লোকে আহি কিশোৰীগৰাকীক ইটাভাটাত কাম কৰিবলৈ যোৱাৰ প্ৰস্তাৱটো আগবঢ়াইছিল ৷ কিন্তু সেয়াই কিশোৰীগৰাকীৰ জীৱনৰ সবাটোকৈ ভুল সিদ্ধান্তলৈ পৰিণত হ’ল ৷ কাম কৰিবলৈ যোৱাৰ প্ৰায় 8 মাহৰ পিচত কিশোৰীগৰাকীৰ নিঠৰ দেহহে ঘৰলৈ উভতে ৷

ঘটনাৰ সবিশেষ...

ঝাৰখণ্ডৰ পালামু জিলাৰ এগৰাকী কিশোৰীয়ে বিধৱা মাতৃৰ সৈতে বাস কৰিছিল ৷ পৰৱৰ্তী সময়ত তেওঁৰ মাতৃয়ে দ্বিতীয় বিবাহৰ সিদ্ধান্ত লয় ৷ তাৰ পিচতে এদিন গাঁৱৰ এজন লোকে কিশোৰীগৰাকীক বিহাৰৰ ছাছাৰামত এটা ইটাভাটাত কাম কৰিবলৈ প্ৰস্তাৱ দিলে ৷ কিশোৰীগৰাকীয়েও ধন ঘটিলে ঘৰখনৰ সকাহ হ’ব বুলি এই কথাত হয়ভৰ দিয়ে ৷ তাৰ পিচতে কিশোৰীগৰাকী ছাছাৰামলৈ কাম কৰিবলৈ যায় ৷

তাৰ পিচতে 13 বছৰীয়া কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ লগতে মৃতদেহো সমাধিস্থ কৰা হৈছিল বুলি গুৰুতৰ অভিযোগ উত্থাপিত হয় । কিশোৰীগৰাকীক বিহাৰৰ ছাছাৰাম অঞ্চলত ধৰ্ষণ কৰি হত্যা কৰাৰ পিচত অভিযুক্তই পালামুৰ ৰামগড়ত ভুক্তভোগীৰ মৃতদেহ সমাধিস্থ কৰে বুলি ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ৷ কিশোৰীগৰাকীৰ মাতৃয়ে এই অভিযোগ উত্থাপন কৰাৰ পিচতেই আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উলিয়াই বিহাৰৰ ছাছাৰামৰ এটা মানৱ সৰবৰাহকাৰী ঠিকাদাৰ আৰু এটা ইটাভাটাৰ মালিকৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে । পালামু আৰক্ষীৰ এটা দলে অভিযুক্ত ইটাভাটাৰ মালিক আৰু ঠিকাদাৰক গ্ৰেপ্তাৰ কৰিবলৈ বিহাৰৰ ছাছাৰামলৈ ৰাওনা হৈছে ৷

8 মাহৰ পূৰ্বে মানৱ সৰবৰাহৰ কবলত পৰিছিল কিশোৰীগৰাকী :

স্থানীয় গাওঁবাসীৰ মতে, যোৱা 3 জুনত ঠিকাদাৰ আৰু কিছু লোকে ভুক্তভোগীৰ মৃতদেহ পালামুৰ ৰামগড়লৈ লৈ আহিছিল । সেই সময়ত, ঠিকাদাৰ আৰু তেওঁৰ সহযোগীসকলে কিশোৰীগৰাকীৰ মৃত্যুৰ স্পষ্ট কাৰণ দিয়া নাছিল আৰু মৃতদেহটো গাওঁখনতেই সমাধিস্থ কৰিছিল । তাৰ পিচতেই স্থানীয় লোকে ভুক্তভোগীৰ মাতৃক সমগ্ৰ বিষয়টোৰ বিষয়ে অৱগত কৰিছিল । মাতৃয়ে ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল ।

কি ক’লে পৰিয়ালৰ লোকে...

কিশোৰীগৰাকীৰ মাতৃ বুধবাৰে সন্ধিয়া ৰামগড় আৰক্ষী থানাত উপস্থিত হৈছিল আৰু গোটেই ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল । আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত এক এজাহাৰ পঞ্জীয়ন কৰে আৰু দণ্ডাধীশৰ উপস্থিতিত কিশোৰীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে । ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

মেদিনীনগৰৰ এছডিপিঅ' মণিভূষণ প্ৰসাদে কয় যে, "ভুক্তভোগী কিশোৰীগৰাকী মানৱ সৰবৰাহৰ কবলত পৰিছিল ৷ অভিযুক্তই যোৱা 3 জুনত মৃতদেহটো সমাধিস্থ কৰিছিল । ভুক্তভোগীগৰাকীৰ মাতৃয়ে ঠিকাদাৰ আৰু ইটাভাটাৰ গৰাকীৰ বিৰুদ্ধে ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপন কৰিছে । আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷"

লগতে পঢ়ক: বেশ্যাবৃত্তিত জড়িত কৰাবলৈ বাংলাদেশৰ পৰা ভাৰতলৈ সৰবৰাহ কৰা হয় যুৱতী - BANGLADESHI GIRL RESCUED FROM PROSTITUTION RACKET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.