ধুবুৰীত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

By

Published : Aug 15, 2022, 9:05 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

ভাৰতবৰ্ষৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ষপূৰ্তি ৷ স্বাধীন ভাৰতে আজি ভৰি দিলে 76 বছৰত (76th Independence day of India) ৷ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সাক্ষী হৈছে সমগ্ৰ দেশৰ জনতা ৷ দেশজুৰি পালিত হৈছে ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচী ৷ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ধুবুৰীত শান্তিপূৰ্ণভাৱে উদযাপন কৰা হয় দেশৰ 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence day celebration in Dhubri)। ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত আয়োজিত উক্ত অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়েও ৰাইজক অৱগত কৰে ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.