Volleyball Championship at Bokajan : বোকাজানত সদৌ অসম আন্তঃজিলা ছাব জুনিয়ৰ দিবা-নৈশ ভলীবল প্ৰতিযোগিতা

By

Published : Dec 26, 2022, 10:26 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বোকাজানত আৰম্ভ হৈছে ৩৪ সংখ্যক সদৌ অসম আন্তঃজিলা ছাব জুনিয়ৰ দিবা-নৈশ ভলীবল প্ৰতিযোগিতা (Volleyball Championship at Bokajan) । অসমৰ ৩৮ খন জিলাৰ ৬৫ টা দলে যোগদান কৰিছে উক্ত প্ৰতিযোগিতাত৷ ইয়াৰে ৩৩ টাকৈ ল’ৰাৰ দল আৰু ৩২ টা ছোৱালীৰ দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বুলি জানিব পৰা গৈছে । অসম ভলীবল সন্থাৰ(Assam Volleyball Association) পতাকা উত্তোলন কৰে অসম ভলীবল সন্থাৰ উপ-সভাপতি জীৱনমল চৰ'ণাই আৰু বোকাজান ক্ৰীড়া সন্থাৰ(Bokajan Sports Association) পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মাধুৰ্য ঢেকিয়াল ফুকনে । অৰ্জুন বঁটা বিজয়ী নয়নমণি শইকীয়া(Lawn bowler Nayanmoni Saikia), মাউন্ট এভাৰেষ্ট আৰোহী কাংবুৰা তিমুং, এভাৰেষ্ট বিজয়ী খৰচিং তেৰাঙৰ লগতে জিলাখনৰ ৫ গৰাকীকৈ খেলুৱৈক উদযাপন সমিতিৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ উদ্বোধনী অনুষ্ঠানত ১৭ টাকৈ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে । বিধায়ক বিদ্যাছিং ইংলেং, কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মধুমিতা ভাগৱতী, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধক্ষ্য ৰাজু টি'ছৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.