Fake gold smuggler arrested: ৰঙিয়া আৰক্ষীৰ জালত তিনি নকল সোণ সৰবৰাহকাৰী

By

Published : May 19, 2023, 1:53 PM IST

thumbnail

ৰঙিয়া,১৯ মে': ৰাজ্যত অব্যাহত আছে নকল সোণৰ সৰবৰাহ । এইবাৰ ৰঙিয়া আৰক্ষীৰ জালত পৰিল তিনিটাকৈ নকল সোণ সৰবৰাহকাৰী । বাক্সা জিলাৰ ধুলাবড়ীত ৰঙিয়া আৰক্ষীয়ে এখন নকল সোণৰ নাওঁসহ তিনিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (3 fake gold smugglers in Rangia police trap) ।  

ধৃত তিনি নকল সোণ সৰবৰাকাৰী কেইটা হৈছে লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াৰ থানাৰ অন্তৰ্গত ২ নং সোণাপুৰৰ ৰস্তুম আলী, অজিত আলী আৰু বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত খন্দিকৰৰ আবুল হুছেইন । জানিবপৰা মতে বহিঃৰাজ্যৰ শিৱ সিং নামৰ লোকজনক প্ৰৱঞ্চক চক্ৰটোৱে সোণৰ প্ৰলোভন দেখুৱাই ফোনেৰে যোগাযোগ কৰিছিল (Fake gold smuggler arrested) ।  

কুৱা খান্দি থাকোতে এখন সোনৰ নাওঁ উদ্ধাৰ হোৱা বুলি প্ৰৱঞ্চককেইটাই জনাইছিল হিন্দীভাষী লোকজনক । সোণৰ নাওঁখনৰ ওজন আছিল ২.৩ কিঃগ্ৰাঃ (Fake gold seized in Rangia) । ৰঙিয়াৰ ৰেল জংচনৰ সমীপত নকল সোণৰ নাওঁখনৰ বাবদ লেনদেন হৈছিল বহিঃৰাজ্যৰ লোকজনৰ সৈতে । নকল সোণৰ নাওঁখনৰ বাবদ দুজন প্ৰৱঞ্চকে লৈছিল পাঁচ লাখ টকা । 

লগতে পঢ়ক: Junmoni Rabha death news:জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলীত উপস্থিত প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.