নকল সোণৰ বেপাৰ কৰি লখিমপুৰত গ্ৰেপ্তাৰ পিতা-পুত্ৰ

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 9:13 PM IST

thumbnail

বিহপুৰীয়া, 18 নৱেম্বৰ : লখিমপুৰত নকল সোণৰ বেপাৰ কৰি গ্ৰেপ্তাৰ পিতা-পুত্ৰ ৷ লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষীৰ জালত পিতা-পুত্ৰসহ তিনি নকল সোণৰ বেপাৰী ৷ এমাহ পূৰ্বে গুৱাহাটীৰ এখন হোটেলত বিক্ৰী কৰিছিল নকল সোণৰ নাও ৷

জানিব পৰা মতে এই তিনি অপৰাধীয়ে 3.5 লাখ টকাত নকল সোণ বিক্ৰী কৰিছিল ঝাৰখণ্ডৰ লোকক ৷ হোটেলৰ চি চি টিভিত বন্দী হৈছিল সমগ্ৰ দৃশ্য ৷ প্ৰৱঞ্চক চক্ৰটোৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ ৷

এই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে আটক কৰে তিনি নকল সোণৰ বেপাৰীক ৷ ধৃত মফিদুল ইছলাম, বিল্লাল হুছেইন আৰু আতিকুল ইছলাম ৷ নকল সোণ বিক্ৰীৰ টকাৰে ক্ৰয় কৰা এটা ম’বাইল ফোনো জব্দ কৰে আৰক্ষীয়ে ৷ আটাইকেইটা অভিযুক্তক বঙালমৰাৰ পৰা বৰ্তমান নিজৰ জিম্মাত লৈছে পল্টনবজাৰ আৰক্ষীয়ে ৷ 

লগতে পঢ়ক : আদৰ্শ গমাৰিগুৰি গাঁও পঞ্চায়তত প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত জবকাৰ্ড হিতাধিকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.