কৰুণ : পুখুৰীত পৰি একে পৰিয়ালৰে তিনিটিকৈ শিশুৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 8:59 PM IST

thumbnail

সৰুপথাৰ, 31 ডিচেম্বৰ : বছৰৰ অন্তিমটো দিনত সৰুপথাৰত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ পুখুৰীত পৰি একেটা পৰিয়ালৰে তিনিটাকৈ শিশুৰ মৃত্যু ৷ সৰুপথাৰৰ 2 নং পানজানত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা ৷

জানিব পৰা মতে শিশুকেইটিয়ে খেলি থকা অৱস্থাতে সংঘটিত হয় এই মৰ্মান্তিক ঘটনা ৷ গুণগুণ গড় (5), অমৃতা গড় (4) , চিয়া তাঁতী (3) নামৰ কন্যা শিশু তিনিটিয়ে কৰুণ মৃত্যুক আকোৱালি লয় ৷ তিনিওটি শিশুৱে একেলগে খেলি আছিল বুলি জানিব পৰা গৈছে ৷  

সন্ধিয়ালৈকে তিনিওটি শিশু ঘৰলৈ নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাত ঘৰৰ কাষৰ পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে ৷ বিয়লি 4.30 ৰ পৰা 5 বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা ৷ শিশু তিনিটিক পৰিয়ালৰ লোকে এম্বুলেন্স যোগে সৰুপথাৰ চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ এই ঘটনাই সৰুপথাৰত শোকৰ ছাঁ পেলাইছে ৷ 

লগতে পঢ়ক : পুত্ৰৰ অত্যাচাৰত দিকবিদিক হেৰুৱাইছে বৃদ্ধা মাতৃয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.