Illegal liquor seized : চিমেন চাপৰিত আবকাৰী বিভাগৰ অভিযানত জব্দ সুৰা, 3 জন আটক

By

Published : Jun 19, 2023, 8:47 AM IST

thumbnail

জোনাই, 18 জুন : ধেমাজি জিলাৰ চিমেন চাপৰিত অবৈধভাৱে চলিছে অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা | দেওবাৰে জোনাই আৱকাৰী বিভাগে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা | জোনাই আবকাৰী বিভাগে দেওবাৰে বিশেষ সুত্ৰৰ পম খেদি চলায় অভিযান ৷ 

জোনাই মহকুমা আবকাৰী বিষয়া প্ৰদীপ টিমুঙৰ নেতৃত্বত চলা এই অভিযানত চিমেন চাপৰি দৈনিক বজাৰত বিক্ৰীৰ বাবে অবৈধভাৱে ৰখা নাইন ষ্টাৰ 6 বটল, কেন বিয়েৰ 16 টা বটল, ৰয়েল মেঞ্চন 4 বটল, হাইলাইট 1 কেচ জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে, 65 লিটাৰ চুলাই মদ ধ্বংস কৰে অভিযানকাৰী দলটোৱে । 

আনপিনে, সুৰাসক্ত অৱস্থাত থকা তিনিজন লোকক জোনাই আবকাৰী বিভাগে আটক কৰে বুলি জানিব দিয়ে অভিযানকাৰী দলটোৱে ৷ দুৰ্ভাগ্যজনক বিষয় যে, অবৈধ অৰুণাচলী বিলাতী সুৰা আৰু চুলাইৰ ঘাটিত প্ৰস্তুত কৰা দেশীয় সুৰাৰ ৰমৰমীয়া বেহা চলাই এচামে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দি আহিছে ।

লগতে পঢ়ক : Sahityajoyti Award 2023: জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক পৰেশ বৰুৱাই কি বুলি সম্বোধন কৰে !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.