Youth sculptor Ankur Baruah : দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি নিৰ্মাণত ব্যস্ত 13 বছৰীয়া অংকুৰ বৰুৱা

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 2:40 PM IST

thumbnail

ডিব্ৰুগড়, 17 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামানদিন বাকী ৷ মৃৎ শিল্পীসকল ব্যস্ত এতিয়া প্ৰতিমাত হাতৰ শেষ পৰশ দিয়াত ৷ পিচে আমি আজি আপোনালোকক চিনাকী কৰাই দিম এগৰাকী বিশেষ কিশোৰৰ সৈতে ৷ নাম অংকুৰ বৰুৱা ৷ বয়স মাত্ৰ 13 বছৰ ৷

পিতৃৰ পদাংক অনুসৰণ কৰি 10 বছৰ বয়সতে নামি পৰিছিল প্ৰতিমা নিৰ্মাণত ৷ পুত্ৰৰ কলাক লৈ আশাবাদী মৃৎ শিল্পী পিতৃ ৷ টিংখাঙৰ 3 নং গেৰেকণি গাঁৱৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ অংকুৰ বৰুৱাই বিগত তিনি বছৰ ধৰি নিৰ্মাণ কৰি আহিছে প্ৰতিমা । শংকৰদেৱ শিশু নিকেতনৰ এই ছাত্ৰজনে নিজ বিদ্যালয়ত আয়োজিত সৰস্বতী পূজাৰ প্ৰতিমা নিজেই প্ৰস্তুত কৰি, সেই প্ৰতিমাৰে পূজা পাতি আহিছে । তেওঁ ইতিমধ্যে সৰস্বতী, দুৰ্গা, মনসা, লক্ষ্মী আদি মূৰ্তি নিৰ্মাণ কৰিছে ।

উল্লেখযোগ্য যে, অংকুৰৰ পিতৃ অজিত বৰুৱা পেছাগতভাৱে মৃৎ শিল্পৰ সৈতে জড়িত । নিজা বাসগৃহত থকা এইটো মৃণ্ময় মূৰ্তিৰ প্ৰতিষ্ঠানত বিগত প্ৰায় 25 বছৰ ধৰি তেওঁ বিভিন্ন দেৱ-দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰি আহিছে । পিতৃৰ কৰ্মকে অংকুৰে আদৰ্শ হিচাপে লৈ মৃৎ শিল্পত মনোনিৱেশ কৰিছে । এই কৰ্মৰ বাবে ছাত্ৰজন পৰিচিত হৈ পৰিছে গোটেই অঞ্চলটোত ।

ছাত্ৰজনৰ পিতৃয়ে জানিবলৈ দিয়া অনুসৰি মৃৎ-শিল্পৰ কাম কৰিয়েই তেওঁ পৰিয়াল পোহপাল দি আহিছে । এইবাৰ দুৰ্গা পূজাৰ বাবে 16 ভাগ মৃণ্ময় প্ৰতিমা নিৰ্মাণ কৰা হৈছে । ইয়াৰে দুভাগ প্ৰতিমা সম্পূৰ্ণ ৰূপে অংকুৰে নিৰ্মাণ কৰাৰ লগতে অন্য মূৰ্তিসমূহতো ৰং-তুলিকাৰ বুলনিৰে পিতৃক সহায় কৰাত ব্যস্ত হৈ পৰিছে ৷ ইফালে পুত্ৰৰ কৰ্মস্পৃহাক লৈ পিতৃ গৌৰৱাম্বিত বুলিও জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Durga puja 2023 : মৰাণৰ মানস প্ৰতিমে শিল্প কৰ্মৰ জৰিয়তে দেখুৱাইছে আদৰ্শ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.