Rose Cookies: মিনিটতে বনাওক খ্ৰীষ্টমাছ বিশেষ ৰ’জ কুকিজ

By

Published : Dec 25, 2021, 9:11 AM IST

thumbnail

আজি খ্ৰীষ্টমাছ অৰ্থাৎ পবিত্ৰ বৰদিন ৷ বৰদিন মানেই যেন আনন্দৰ উৎসৱ ৷ সুখ, হাঁহি, মৰম-ভালপোৱাৰ উৎসৱ ৷ বিভিন্ন সুস্বাদু খাদ্যৰ সমাহাৰৰ উৎসৱ ৷ খ্ৰীষ্টমাছৰ দিনটোতেই আপোনালোকলৈ লৈ আনিছো এটি বিশেষ ৰেচিপি (Christmas Special Recipe) ৷ আপুনি বাৰু জানেনে কেনেকৈ অতি সহজতে ঘৰতে প্ৰস্তুত কৰিব পাৰি মচমছীয়া ৰ’জ কুকিজ (How to make rose cookies) ? দক্ষিণ ভাৰতৰ ৰাজ্যবোৰত এই কুকিজ যথেষ্ট জনপ্ৰিয় (Popular South Indian recipes) ৷ বিশেষকৈ কেৰালাবাসীৰ বাবে অতি প্ৰিয় খাদ্য এই মচমছীয়া ৰ’জ কুকিজ ৷ তেলেগু ভাষাত ‘গুলাবি পুভুলু’, তামিলত ‘আচু মুৰুক্কু’ আৰু মালায়ালমত ‘আচাপাম’ বুলি জনাজাত এই কুকিজ ৷ কেৱল খ্ৰীষ্টমাছৰ দিনটোতেই নহয় (Christmas sweets recipe), বছৰৰ প্ৰতিটো দিনেই সোৱাদ লওঁক এই বিশেষ কুকিজৰ ৷ আচলতে এই কুকিজ প্ৰস্তুত কৰাৰ পিছত দেখিবলৈ গোলাপৰ দৰে হোৱা বাবেই ইয়াৰ নাম ৰ’জ কুকিজ ৷ এই কুকিজৰ ৰেচিপিৰ বাবে বিশেষকৈ প্ৰয়োজন কণী, পিঠাগুৰি, ময়দা ইত্যাদি ৷ আহক, বৰদিনৰ বিশেষ দিনটো বিশেষ কৰি তোলক এই বিশেষ কুকিজৰ সৈতে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.