Man elephant conflict: মৰঙি পথাৰত বিদ্যুৎস্পৃষ্ট হৈ হাতীৰ মৃত্যু

By

Published : Dec 8, 2022, 2:04 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে হাতী মানুহৰ সংঘাত (Man elephant conflict in Assam)। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে প্ৰতিদিনে জনাঞ্চলত চলাইছে তাণ্ডৱ । ইয়াৰ মাজতেই গোলাঘাট জিলাৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ মৰঙিৰ পাটকটীয়া গাঁৱৰ পথাৰত বুধবাৰে নিশা এটা হাতীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় (Elephant dies of electrocution in Morangi)। নিশা হাতীৰ এটা জাক ধাননি পথাৰত প্ৰৱেশ কৰি ধান খাই থাকোতে এটা হাতী পথাৰৰ বিদ্যুৎ পৰিবাহী দুটা খুটাৰ মাজত সোমোৱাত বিদ্যুত পৰিবাহী তাঁৰ চিগি যোৱাৰ ফলত হাতীটোৰ মৃত্য়ু হয় । ইপিনে, দীৰ্ঘদিনৰ পৰা উক্ত পথাৰখনত হাতীৰ এটা বৃহৎ জাকে ধাননি পথাৰ তহিলং কৰাৰ পিছতো বন বিভাগে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.