Angoorlata Deka react on Pathaan: চিনেমা এখন চোৱা-নোচোৱাটো সম্পূৰ্ণ ব্যক্তিগত কথা: আঙুৰলতা

By

Published : Jan 27, 2023, 4:53 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

নলবাৰী, 27 জানুৱাৰী : পাঠান জ্বৰত আক্ৰান্ত দেশ ৷ ছবিখনৰ মুক্তিৰ আগৰ পৰাই বিভিন্ন দল-সংগঠনবোৰে ছবিখনত দীপিকাই পৰিধান কৰা গেৰুৱা বসনৰ বাবে বয়কট কৰাৰ ধমক দি আছিল ৷ কিন্তু পূৰ্বে থিৰাং হোৱা তাৰিখতেই মুক্তি লাভ কৰিলে ছবিখনে ৷ মুক্তিৰ দিনাই কেইবাটাও ৰেকৰ্ড গঢ়ে শ্বাহৰুখৰ পাঠানে (Pathaan controversy) ৷ ছবিখনক লৈ ঠায়ে ঠায়ে বিতৰ্কও হৈছে, কেৱল বিতৰ্কই নহয়, কিছু কিছু ঠাইত হিংসাত্মক ঘটনাও ঘটিছে ৷ অসমত প্ৰথম দিনা কটকটীয়া নিৰাপত্তাৰ মাজেৰেহে মুক্তি দিয়া হয় ছবিখন ৷  পাঠান বিতৰ্ক আৰু বয়কট সন্দৰ্ভত অসমৰ শিল্পী আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে জড়িত কেইবাজনো লোকে বিভিন্ন মন্তব্য কৰিছে (celebrities on pathaan) ৷ শেহতীয়াকৈ আঙুৰলতা ডেকাই নিজৰ মত প্ৰকাশ কৰিছে পাঠান সন্দৰ্ভত (Angoorlata Deka on Pathaan and boycott ) ৷ তেওঁ কয়- "পাঠান চাও নাচাও মোৰ ব্যক্তিগত কথা ।" নলবাৰীৰ মহিনাত কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে বিজেপি নেত্ৰী আঙুৰলতা ডেকাই । "চিনেমা এখন চোৱা-নোচোৱাটো নিজৰ ব্যক্তিগত কথা । কোনোবাই চাই নাচাই নিজৰ ইচ্ছা । পাঠান চাও নাচাও মোৰ নিজৰ ব্যক্তিগত কথা । আজিকালি ট্ৰেইলাৰ আহে । ট্ৰেইলাৰ চাই যাৰ যি ইচ্ছা ভাল লাগিলে চাব নহ'লে নেচায় । চিনেমা চোৱাটো সকলোৰে নিজৰ ব্যক্তিগত কথা" ৷ এইদৰে নিজৰ মত ৰাখে সভানেত্ৰীগৰাকীয়ে । ইয়াৰ সমান্তৰালকৈ অসমীয়া চিনেমা সন্দৰ্ভতো মন্তব্য কৰে আঙুৰলতা ডেকাই । শুকুৰবাৰে মুক্তি পোৱা অনুৰ আৰু ফেব্ৰুৱাৰীত মুক্তি পাবলগীয়া ড৹ বেজবৰুৱা 2 ৰ প্ৰসংগ টানি আনে তেওঁ ৷ আনহাতে আঙুৰলতা ডেকাই এইবাৰ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে ভাৰতীয় জনতা পাৰ্টীৰ ব্যক্তিকেন্দ্ৰিক দাবী নাথাকে । কেন্দ্ৰীয় নেতৃত্বই যাক দায়িত্ব দিয়ে, সেই মতেই কাম চলে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.