উৎসৱৰ দৰে ডাংকিৰ সাফল্য উদযাপন অনুৰাগীৰ, ছবিগৃহৰ বাহিৰত ঢোলৰ তালে তালে নৃত্য

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 3:24 PM IST

thumbnail

চিটাৰা ডেস্ক, ২১ ডিচেম্বৰ: ছুপাৰষ্টাৰ শ্বাহৰুখ খানে ২০২৩ চনত ৪ বছৰ বিৰতিৰ অন্ততঃ পাঠানৰ জৰিয়তে ছবিগৃহত গ্ৰেণ্ড এন্ট্ৰি কৰিছিল ৷ পাঠানৰ বৃহৎ সফলতাৰ পিচত জৱানৰ জৰিয়তে বছৰটোৰ মাজভাগত বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল ৷ এতিয়া বছৰটোৰ শেষত আজি মুক্তি লাভ কৰিছে কিং খানৰ বছৰটোৰ তৃতীয় আৰু শেষৰখন ছবি ‘ডাংকি’ ৷

বিগত সময়ত ডাংকিক লৈ ব্যাপক উচাহ দেখা পোৱা গৈছিল অনুৰাগীৰ মাজত ৷ এতিয়া ডাংকিৰ মুক্তিৰ দিনা ছবিগৃহসমূহ অনুৰাগীয়ে এই ছবিখনক আতচবাজী জ্বলাই উদযাপন কৰা দেখা গৈছে ৷ দেশজুৰি চিনেমাগৃহত ভিৰ কৰিছে শ্বাহৰুখ অনুৰাগীয়ে ৷ ইফালে একাংশ অনুৰাগীয়ে চিনেমা হলৰ বাহিৰত ঢোল বজাই, আতচবাজী ফুটাই ছবিখন উদযাপন কৰিছে ৷ যিহেতু ছবিখন বৰদিনৰ উপলক্ষে মুক্তি লাভ কৰিছে সেয়েহে, চান্টাক্লজৰ সাজ পৰিধান কৰি একাংশই ছবিখন উপভোগ কৰিবলৈ আহিছে ।

বিভিন্ন ঠাইত পুৱাৰে ভাগতে আৰম্ভ হৈছিল ডাংকিৰ দৰ্শনী ৷ মুম্বাইত বান্দ্ৰাৰ গেইটি গেলেক্সিলৈ বৃহৎ সংখ্যক অনুৰাগীয়ে পুৱাৰ ভাগতে ভিৰ কৰা দেখা গৈছে, অনুৰাগীয়ে গেইটি গেলেক্সিৰ বাহিৰলৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছিল ৷ কোনোবাই যদি ঢোল বজাইছে আৰু আন কোনোবাই আকৌ ঢোলৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰিছে ।

উল্লেখ্য যে, ৰাজকুমাৰ হিৰানীৰ নেতৃত্বত নিৰ্মিত এই কমেডী-নাটকখনত তাপসী পান্নু, বিকি কৌশল আৰু বোমন ইৰাণীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ব্লকবাষ্টাৰ ছবি পাঠান আৰু জৱানৰ পিচত শ্বাহৰুখ খানৰ বছৰটোৰ তৃতীয়খন ছবি হৈছে ডাংকি ।

লগতে পঢ়ক: মিচেল ষ্টাৰ্কক লৈ অনুৰাগীয়ে শ্বাহৰুখ খানক সুধিলে আমোদজনক প্ৰশ্ন, উত্তৰত কিং খানে ক’লে এই কথা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.