ETV Bharat / entertainment

মিচেল ষ্টাৰ্কক লৈ অনুৰাগীয়ে শ্বাহৰুখ খানক সুধিলে আমোদজনক প্ৰশ্ন, উত্তৰত কিং খানে ক’লে এই কথা

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 10:52 AM IST

AskSRK session Shah rukh Khan's answer to fans asking the difference between Mitchell Starc's IPL auction prize and Dunki Day 1 collection
মিচেল ষ্টাৰ্কৰ সৈতে অনুৰাগীয়ে কিয় তুলনা কৰিলে ডাংকিক

AskSRK Session: বুধবাৰে শ্বাহৰুখ খানে অনুৰাগীৰ সৈতে এক্স একাউন্টত AskSRK Session অনুষ্ঠিত কৰিছিল । ইয়াৰ মাজতে এজন অনুৰাগীয়ে কিং খানক ক্ৰিকেটাৰ মিচেল ষ্টাৰ্কৰ নিলামৰ মূল্য আৰু ডাংকিৰ মুকলি দিনৰ সংগ্ৰহৰ মাজৰ পাৰ্থক্য সম্পৰ্কে এটা আমোদজনক প্ৰশ্ন কৰে । ইয়াৰ উত্তৰত কিং খানে কি কৈছিল জানিবলৈ পঢ়ক এই প্ৰতিবেদনত ৷

চিটাৰা ডেস্ক, ২১ ডিচেম্বৰ: আজি বিশ্বজুৰি ছবিগৃহত মুকলি হ’ল শ্বাহৰুখ খানৰ এই বছৰটোৰ অন্তিম তথা তৃতীয়খন বহু প্ৰত্যাশিত ছবি ডাংকি ৷ ইফালে ছবিখনৰ মুক্তিৰ পূৰ্বে অৰ্থাৎ বুধবাৰে নিশা কিং খানে এক্স একাউন্টত AskSRK Session অনুষ্ঠিত কৰে ৷ এই চেছনত বহু অনুৰাগীয়ে ডাংকিৰ সন্দৰ্ভত কিং খানক বহু আমোদজনক প্ৰশ্ন সোধা পৰিলক্ষিত হয় ৷ এজন অনুৰাগীয়ে ডাংকিৰ প্ৰথম দিনৰ উপাৰ্জন আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ মিচেল ষ্টাৰ্কৰ নিলামৰ মূল্যৰ মাজত পাৰ্থক্য সন্দৰ্ভত এটা আমোদজনক প্ৰশ্ন কৰে ৷ এই প্ৰশ্নৰ উত্তৰত শ্বাহৰুখ খানে দিয়া হাস্যৰসিক উত্তৰে সম্প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

এক্স একাউন্টত AskSRK Sessionত অনুৰাগীয়ে কিং খানক বহু প্ৰশ্ন কৰিছিল, যাৰ উত্তৰ শ্বাহৰুখে নিজৰ হাস্যৰসিক শৈলীৰে উত্তৰ দিছিল । এজন অনুৰাগীয়ে প্ৰশ্ন কৰে- ‘‘ডাংকিৰ প্ৰথম দিনাৰ উপাৰ্জন আৰু মিচেল ষ্টাৰ্কৰ নিলামৰ মূল্যৰ মাজত কিমান পাৰ্থক্য থাকিব ? ’’ এই প্ৰশ্নৰ উত্তৰত কিং খানে ক’লে, ‘‘এইটো কি প্ৰশ্ন হ’ল ভাতৃ ? সেইফালে ধন গৈছে, কিন্তু ডাংকিত ধন আহিব হে । হা হা ।’’

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্ক কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ) ২৪.৭৫ কোটি টকাত ক্ৰয় কৰিছিল, ইয়াৰ মাত্ৰ কেইঘণ্টামানৰ পিচতে তেওঁলোকৰ অধিনায়ক পেট কামিন্সক ছানৰাইজাৰ্ছ হায়দৰাবাদে (এছ আৰ এইচ) ২০ কোটি টকাত ক্ৰয় কৰে ৷ ইয়াৰ লগে লগে মঙলবাৰে ডুবাইত অনুষ্ঠিত হোৱা নিলামত মিচেল ষ্টাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয়।

ইফালে আন এজন অনুৰাগীয়ে কিং খানক সোধে- ‘‘ছাৰ পাঠান, আজাদ, বিক্ৰম ৰাথোৰ নে হাৰ্ডি, এই বছৰৰ আপোনাৰ প্ৰিয় চৰিত্ৰ কোনটো ?’’ ছুপাৰষ্টাৰগৰাকীয়ে কয়, ‘‘মোৰ প্ৰিয় চৰিত্ৰটো হ’ল দৰ্শকে ভাল পোৱা চৰিত্ৰটো । গতিকে আশাকৰোঁ আপোনালোকে হাৰ্ডিকো আন সকলোৰে চৰিত্ৰৰ দৰেই ভাল পাব । তেওঁ এজন সৎ লোক । এজন সেনা বিষয়া আৰু এজন প্ৰেমিক ।’’

আন এজন অনুৰাগীয়ে সুধিলে- আকৌ শ্ৰেণীকোঠাত বহি ছাত্ৰৰ চৰিত্ৰত অভিনয় কৰি কেনে লাগিল ? কিং খানে ক’লে, ‘‘তথাপিও সকলো উত্তৰ ভুল আছিল আৰু ক্লাছত শুই থকাৰ বাবে ধমক দিছিল শিক্ষকে ।’’

ডাংকিৰ ষ্টাৰকাষ্ট

শ্বাহৰুখ খানৰ সৈতে বুমন ইৰানী, তাপসী পান্নু, বিকি কৌশল, বিক্ৰম কোছাৰ, অনিল গ্ৰ’ভাৰৰ দৰে প্ৰতিভাৱান অভিনেতাই এই ছবিখনত অভিনয় কৰিছে । ২১ ডিচেম্বৰত অৰ্থাৎ আজি ছবিগৃহত মুক্তি লাভ কৰিছে ‘ডাংকি’য়ে। এই ছবিখন পৰিচালনা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে ।

লগতে পঢ়ক: পূৰ্ণগতিত বিক্ৰী হৈছে ডাংকিৰ টিকট, অগ্ৰিম বুকিঙত কিমান উপাৰ্জন কৰিলে ছবিখনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.