ETV Bharat / entertainment

পূৰ্ণগতিত বিক্ৰী হৈছে ডাংকিৰ টিকট, অগ্ৰিম বুকিঙত কিমান উপাৰ্জন কৰিলে ছবিখনে ?

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 12:57 PM IST

Dunki Day 1 Advance Booking: শ্বাহৰুখ খানৰ 'ডাংকি' মুক্তিৰ মাজত আছে মাত্ৰ এদিন । ছবিখনৰ অগ্ৰিম বুকিং পূৰ্ণ গতিৰে চলি আছে । ইয়াৰ লগে লগে ডাংকিয়ে প্ৰথম দিনাই অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে ।

Shah rukh khan starrer film Dunki Day 1 Advance Booking report
শ্বাহৰুখ খানৰ ডাংকিৰ টিকট পূৰ্ণগতিত বিক্ৰী হৈ আছে

চিটাৰা ডেস্ক, ২০ ডিচেম্বৰ: ২০২৩ চনৰ তৃতীয়খন ব্লকবাষ্টাৰ ছবিৰ বাবে সাজু হৈছে বলীউডৰ কিং শ্বাহৰুখ খান । পাঠান আৰু জৱানৰ ব্যাপক সফলতাৰ পিচত এতিয়া আকৌ এবাৰ ‘ডাংকি’ৰ জৰিয়তে ছবিগৃহত আলোড়ন সৃষ্টি কৰিবলৈ সাজু হৈছে অভিনেতাগৰাকী । ইফালে মুক্তিৰ পূৰ্বেই অনুৰাগীৰ মাজত কিং খানৰ এই ছবিখনৰ উন্মাদনা দেখা পোৱা গৈছে । শনিবাৰৰ পৰা ‘ডাংকি’ৰ অগ্ৰিম বুকিং আৰম্ভ হৈছে আৰু ছবিখনৰ প্ৰথম দিনটোৰ বাবে দ্ৰুতগতিত বিক্ৰী হৈছে টিকট । জানো আহক 'ডাংকি'ৰ অগ্ৰিম বুকিং ৰিপ’ৰ্ট কেনেকুৱা ?

অগ্ৰিম বুকিঙৰ পৰা কিমান উপাৰ্জন কৰিলে ডাংকিয়ে ?

‘ডাংকি’ পৰিচালনা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে । ইয়াৰ পূৰ্বে ‘৩ ইডিয়টছ’, ‘পিকে’ আৰু ‘সঞ্জু’ৰ দৰে ছুপাৰ ডুপাৰ হিট ছবি নিৰ্মাণ কৰিছিল হিৰাণীয়ে । এতিয়া আহি আছে কিং খানৰ সৈতে তেওঁৰ ছবি ‘ডাংকি’ । এইখিনিতে উল্লেখ কৰিব লাগিব যে, প্ৰথমবাৰৰ বাবে এই ছবিখনৰ বাবে দুয়োৱে সহযোগিতা কৰিছে ৷ এতিয়া এই যুটিটোৱে বক্স অফিচত বহু অভিলেখ গঢ়িব পাৰিব বুলি সকলোৱে আশা কৰিছে । যদি আমি ‘ডাংকি’ৰ অগ্ৰিম বুকিঙৰ কথা কওঁ, তেন্তে সেয়া হৈছে এনেধৰণৰ . . .

  • ছেকনিল্কৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশতে এতিয়ালৈকে ‘ডাংকি’ৰ ৩ লাখ ৬৪ হাজাৰ ৪৮৭ টিকট বিক্ৰী হৈছে ।
  • ইয়াৰ লগে লগে মুক্তিৰ পূৰ্বেই ‘ডাংকি’এ ১০.৩৯ কোটি টকা উপাৰ্জন কৰিছে ।

৩৫ কোটি টকাতকৈও অধিক মূল্যত ডাংকিয়ে বক্স অফিচ খাতা খুলিব !

শ্বাহৰুখ খান অভিনীত এই ছবিখনে মুক্তিৰ প্ৰথম দিনাই ৩৫ কোটিৰো অধিক ধন সংগ্ৰহ কৰিব পাৰিব বুলি ‘ডাংকি’ৰ অগ্ৰিম বুকিঙৰ পৰিসংখ্যাই ইংগিত দিছে । কিন্তু এই পাৰিবাৰিক কমেডী নাটকখনৰ উপাৰ্জনৰ পৰিসংখ্যা বৃদ্ধিও পাব পাৰে বুলি অনুমান কৰা হৈছে । ছবিখন মুক্তিৰ মাজত বাকী মাত্ৰ এদিন । ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব ডাংকি ৷ ছবিখন মুক্তিৰ পিচত হে গ’ম পোৱা যাব ছবিখনে দৰ্শকৰ পৰা কেনে সঁহাৰি লাভ কৰিব ৷

লগতে পঢ়ক: অগ্ৰিম বুকিঙত ছালাৰক পৰাস্ত কৰিলে ডাংকিয়ে, দুয়োখন ছবিয়ে অগ্ৰিম বুকিঙত কিমান উপাৰ্জন কৰিছে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.