ETV Bharat / entertainment

অগ্ৰিম বুকিঙত ছালাৰক পৰাস্ত কৰিলে ডাংকিয়ে, দুয়োখন ছবিয়ে অগ্ৰিম বুকিঙত কিমান উপাৰ্জন কৰিছে জানি লওক

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 1:36 PM IST

Salaar vs Dunki advance booking collection: Shah Rukh Khan's film leads in pre-sales, Prabhas starrer follows closely
‘ডাংকি’ আৰু ‘ছালাৰ’ৰ অগ্ৰিম বুকিঙত কোনখন আগবাঢ়ি আছে

Dunki Vs Salaar Advance Booking: শ্বাহৰুখ খানৰ ডাংকি আৰু প্ৰভাসৰ ছালাৰৰ অগ্ৰিম বুকিং আৰম্ভ হৈছে । জানো আহক অগ্ৰিম বুকিঙত কোনখন ছবি আগবাঢ়ি আছে ।

চিটাৰা ডেস্ক, ১৯ ডিচেম্বৰ: ২০২৩ চনৰ শেষৰ ফালে বক্স অফিচত দুখন ডাঙৰ ছবিৰ মাজত বৃহৎ প্ৰতিযোগিতা হ’ব । ইয়াৰ ভিতৰত আছে শ্বাহৰুখ খানৰ ‘ডাংকি’ আৰু প্ৰভাস অভিনীত ছবি ‘ছালাৰ’ । দুয়োখন ছবিক লৈ অনুৰাগীৰ উচাহ তুংগত উঠিছে । এই সকলোবোৰৰ মাজতে ‘ডাংকি’ আৰু ‘ছালাৰ’ৰ অগ্ৰিম বুকিং আৰম্ভ হৈছে । এতিয়া কোনখন ছবি মুক্তিৰ পূৰ্বে উপাৰ্জনৰ ক্ষেত্ৰত আগবাঢ়ি আছে জানো আহক ?

‘ডাংকি’ আৰু ‘ছালাৰ’ৰ অগ্ৰিম বুকিঙত কোনখন আগবাঢ়ি আছে ?

মুক্তিৰ পূৰ্বেই শ্বাহৰুখ খানৰ বছৰৰ তৃতীয়খন প্ৰত্যাশিত ছবি ‘ডাংকি’ আৰু প্ৰভাসৰ ‘ছালাৰ’ৰ মাজত কঠোৰ প্ৰতিযোগিতা আৰম্ভ হৈছে । দুয়োখন ছবিৰ অগ্ৰিম বুকিঙৰ স্থিতি আচৰিত ধৰণৰ । অৱশ্যে প্ৰি-টিকট বিক্ৰীৰ ক্ষেত্ৰত শ্বাহৰুখ খানৰ ছবিখনে প্ৰভাসৰ ছবিখনক বৃহৎ প্ৰতিযোগিতা দিছে ।

  • SACNILC ৰ প্ৰতিবেদন অনুসৰি ‘ডাংকি’ৰ প্ৰথম দিনটোৰ বাবে এতিয়ালৈকে ২ লাখ ৫৭ হাজাৰ ৯৩০ টিকট বিক্ৰী হৈছে।
  • ইয়াৰ লগে লগে ‘ডাংকি’এ এই পৰ্যন্ত প্ৰি-টিকট বিক্ৰীত ৭.৫৪ কোটি টকা উপাৰ্জন কৰিছে ।
  • আনহাতে Salaar: Part 1 – Ceasefire এ, এতিয়ালৈকে সকলো ভাষাতে ২ লাখ ৫০ হাজাৰ ১৩৪ টা টিকট বিক্ৰী হৈছে ।
  • ইয়াৰ লগে লগে ছালাৰে মুক্তিৰ পূৰ্বে অগ্ৰিম বুকিং কৰি ৬.০৭ কোটি টকা উপাৰ্জন কৰিছে ।
    • " class="align-text-top noRightClick twitterSection" data="">

অগ্ৰিম বুকিঙত ছালাৰক পৰাস্ত কৰিলে ডাংকিয়ে

বৰ্তমান শ্বাহৰুখ খানৰ ডাংকিয়ে অগ্ৰিম বুকিঙৰ ক্ষেত্ৰত প্ৰভাসৰ ছালাৰতকৈ আগবাঢ়ি আছে । দুয়োখন ছবিৰ প্ৰি-ৰিলিজ সংগ্ৰহত এক কোটি টকাৰো অধিক পাৰ্থক্য আছে । এতিয়া উল্লেখ্য হ’ব যে শ্বাহৰুখ আৰু প্ৰভাসৰ ছবি মুক্তিৰ পিচত বক্স অফিচত কোনখনে আদিপত্য বিস্তাৰ কৰিব ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কেতিয়া মুক্তি পাব 'ডাংকি'?

শ্বাহৰুখ খানৰ উপৰিও বোমন ইৰানী, তাপসী পান্নু, বিকি কৌশল, বিক্ৰম কোছাৰ, অনিল গ্ৰ’ভাৰে ‘ডাংকি’ ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।এই ছবিখন পৰিচালনা কৰিছে ৰাজকুমাৰ হিৰানীয়ে ৷ ইয়াৰ প্ৰযোজনা কৰিছে জিঅ’ ষ্টুডিঅ’, ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট আৰু ৰাজকুমাৰ হিৰানী ফিল্মছৰ অধীনত ৰাজকুমাৰ হিৰানী আৰু গৌৰী খানে । ইয়াৰ ৰচনা কৰিছে অভিজাত যোশী, ৰাজকুমাৰ হিৰানী আৰু কণিকা ধিলোনে । ২০২৩ চনৰ ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ডাংকি ।

  • " class="align-text-top noRightClick twitterSection" data="">

'ছালাৰ' কেতিয়া মুক্তি পাব ?

আনহাতে, Salaar: Part 1 – Ceasefire ছবিখন Homble ৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে । ইয়াৰ পৰিচালনা কৰিছে চলচ্চিত্ৰ নিৰ্মাতা প্ৰশান্ত নীলে । প্ৰভাসৰ উপৰিও শ্ৰুতি হাছান, পৃথ্বীৰাজ সুকুমাৰন, জগাপতি বাবুৰ দৰে অভিনেতাই এই ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । ২২ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব এই ছবিখন ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: মুক্তিৰ পূৰ্বেই অগ্ৰিম বুকিঙৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰিলে ডাংকিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.