ETV Bharat / entertainment

মুক্তিৰ পূৰ্বেই অগ্ৰিম বুকিঙৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰিলে ডাংকিয়ে

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 11:14 AM IST

Dunki Box Office Day 1 Advance Booking: শ্বাহৰুখ খানৰ 'ডাংকি' ছবিখনে বাম্পাৰ অগ্ৰিম বুকিং লাভ কৰিছে । অগ্ৰিম বুকিঙৰ পৰা ছবিখনে কিমান উপাৰ্জন কৰিলে জানো আহক ৷

Dunki 1st Day Advance Booking: Dunki to break first day earnings record !
ডাংকিয়ে প্ৰথম দিনাই ভংগ কৰিব উপাৰ্জনৰ অভিলেখ !

চিটাৰা ডেস্ক, ১৯ ডিচেম্বৰ: ২০২৩ বৰ্ষটো শ্বাহৰুখ খানৰ বাবে এটা যাদুকৰী বছৰলৈ পৰিণত হৈছে । এই বৰ্ষত কিং খানৰ দুখন ছবি ‘পাঠান’ আৰু ‘জৱান’ ব্লকবাষ্টাৰ ৰূপে পৰিগণিত হৈছে ৷ এতিয়া বছৰৰ শেষত শ্বাহৰুখ খানে বক্স অফিচত ‘ডাংকি’ ছবিৰে ব্লকবাষ্টাৰৰ হেট্ৰিক দিবলৈ সাজু হৈছে । ইফালে মুক্তিৰ পূৰ্বেই অনুৰাগীৰ মাজত দেখা গৈছে ‘ডাংকি’ৰ উন্মাদনা আৰু সেয়া গ’ম পোৱা গৈছে ছবিখনৰ অগ্ৰিম বুকিঙৰ পৰা । কাৰণ পূৰ্ণগতিত চলিছে ছবিখনৰ বুকিং ৷ জানো আহক ‘ডাংকি’ৰ প্ৰথম দিনৰ শ্ব’ৰ বাবে এতিয়ালৈকে কিমান টিকট বিক্ৰী হৈছে ?

‘ডাংকি’ৰ প্ৰথম দিনৰ শ্ব’টোৰ বাবে অগ্ৰিম বুকিং কিমান হৈছে ?

শ্বাহৰুখ খানৰ ‘ডাংকি’ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগী । ছবিখনক লৈ ইমানেই চৰ্চা চলিছে যে ইয়াৰ বাবে বাম্পাৰ অগ্ৰিম বুকিং কৰা পৰিলক্ষিত হৈছে । বহু অনুৰাগীয়ে ‘ডাংকি’ৰ প্ৰথম দিনৰ প্ৰথম শ্ব’ চাবলৈ গোটেই থিয়েটাৰো আনকি বুকিং কৰিছে ।

‘ডাংকি’ৰ বুকিং এনেধৰণৰ

SACNILC ৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশতে এই পৰ্যন্ত ‘ডাংকি’ৰ প্ৰথম দিনটোৰ বাবে ২ লাখ ৫৫ হাজাৰ ৭৯৬ টিকট বিক্ৰী হৈছে ।

ইয়াৰ লগে লগে মুক্তিৰ পূৰ্বেই ‘ডাংকি’এ ৭ কোটি ৪৬ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।

সমগ্ৰ দেশতে ৭০ শতাংশ মাল্টিপ্লেক্স হ’ব হাউচফুল

কোৱা হৈছে যে ‘ডাংকি’ৰ অগ্ৰিম বুকিঙৰ বাবে সমগ্ৰ দেশৰ ৭০ শতাংশ মাল্টিপ্লেক্স প্ৰথম দিনাই হাউচফুল হৈ পৰিছে । আচলতে নিজকে সমালোচক বুলি কোৱা কে আৰ কেয়ে টুইট কৰি এই দাবী কৰিছে । কে আৰ কেয়ে টুইটত লিখিছে, “অগ্ৰিম বুকিঙৰ বাবে সমগ্ৰ ভাৰতৰ প্ৰায় ৭০% মাল্টিপ্লেক্স থিয়েটাৰ প্ৰথম দিনাই হাউচফুল হৈ পৰিছে । এইটোৱেই প্ৰমাণ যে ডাংকিৰ প্ৰথম দিনৰ ব্যৱসায় হ’ব ৫০ কোটি টকাতকৈয়ে অধিক হ’ব আৰু লাইফটাইম সংগ্ৰহ হ’ব ৫০০Cr+ ! ২০২৩ চনত শ্বাহৰুখ খানে এনে অভিলেখ গঢ়িব, যিটো ২০৫৩ চনলৈকে কোনেও ভংগ কৰিব নোৱাৰিব ।”

ৰাজকুমাৰ হিৰাণীয়ে পৰিচালনা কৰিছে ‘ডাংকি’

উল্লেখ্য যে, ‘ডাংকি’ৰ পৰিচালনা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে । ছবিখনত তাপসী পান্নু, বিকি কৌশল, বোমন ইৰাণীকে ধৰি বহু অভিনেতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । লণ্ডনলৈ যোৱাৰ সপোন দেখা চাৰিগৰাকী বন্ধুৰ কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখন । ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব এই ছবিখন ।

লগতে পঢ়ক: দুৰ্ধৰ্ষ অপৰাধীৰ সৈতে বিদেশী জেইলত ডাংকিৰ শ্বুটিঙৰ অভিজ্ঞতা ব্যক্ত কৰিলে শ্বাহৰুখ খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.