বিধায়ক চিৰাজুদ্দিন আজমলক অসমীয়া শিকিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

By

Published : Apr 2, 2022, 6:31 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

'কংগ্ৰেছমুক্ত হ'ল উত্তৰ-পূৰ্বাঞ্চল । এই ধাৰা আগন্তুক দিনটো অব্যাহত থাকিব ।' ৰাজ্যসভা নিৰ্বাচনত (Rajya Sabha election 2022) দুয়োখন আসন বিজেপিয়ে লাভ কৰাৰ পাছত এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত থাকি সংবাদমাধ্যমৰ আগত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM reaction on Rajya Sabha election)। এআইইউডিএফৰ বিধায়ক চিৰাজুদ্দিন আজমলৰ অসমীয়া ভাষা বিতৰ্কক লৈও (Assamese language controversy of Sirajuddin Ajmal) মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁৰ কয় যে এআইইউডিএফৰ বিধায়ক চিৰাজুদ্দিন আজমলে অসমীয়া ভাষাক লৈ কৰা মন্তব্য গ্রহণযোগ্য নহয় (Assam CM criticized MLA Sirajuddin Ajmal)। মুখ্যমন্ত্ৰীৰ মতে চিৰাজুদ্দিন আজমল যিমানে ইন্টাৰনেশ্যলেন মানুহ নহওঁক কিয় মাটিত ভৰি থাকিব লাগে । মাটিত যাৰ ভৰি নাথাকে সেই মানুহ ইন্টাৰনেশ্যনেল হ'ব নোৱাৰে । বিধায়কগৰাকীক অসমীয়া শিকিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে (CM urges MLA Sirajuddin Ajmal to learn Assamese)। আনহাতে ৰাজ্যসভা নিৰ্বাচন প্ৰসংগত তেওঁ কয় যে এই নিৰ্বাচন বিজেপিৰ বাবে মাইলৰ খুটা । UPPLৰ বাবেও এই নিৰ্বাচন মাইলৰ খুটা । মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ, চিপিআই(এম), আৰু ৰাইজৰ দলক ধন্যবাদ জ্ঞাপন কৰে । ইফালে অনিচ্ছা স্বত্বেও AIUDFক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে তেওঁ আন এটা প্ৰসংগত কয় যে আজমলৰ বিৰুদ্ধে বিজেপিয়ে যুঁজি আছে । তাৰ প্ৰমাণ গৰুখুঁটি, লামডিং আদি । মুখ্যমন্ত্ৰীগৰাকীৰ মতে আজমল তেওঁৰ শত্ৰু নহয়, আজমলৰ সভ্যতাহে তেওঁৰ শত্ৰু । মূল্যবৃদ্ধি সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সন্দৰ্ভত দিল্লী চিন্তিত আৰু ৰাজ্য চৰকাৰেও এই সম্পৰ্কত আলোচনা কৰি আছে ।

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.