উত্তৰাখণ্ডৰ কেঞ্চীধাম মন্দিৰৰ সমীপত ডাৱৰ বিস্ফোৰণ

By

Published : May 12, 2021, 10:53 PM IST

thumbnail

উত্তৰাখণ্ডৰ নাইনিতালৰ ঐতিহাসিক বাবা নিম কৰোলী মহাৰাজ মন্দিৰৰ সমীপত বুধবাৰে ডাৱৰ বিস্ফোৰণ ঘটে ৷ উক্ত বিস্ফোৰণৰ ফলত অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে যথেষ্ট ক্ষতিসাধন হয় ৷ এই পৰ্যন্ত উক্ত ডাৱৰ বিস্ফোৰণত কোনো লোকৰ হতাহত হোৱাৰ খবৰ পোহৰলৈ অহা নাই ৷ ইফালে এই বিস্ফোৰণৰ ফলত মাটি-বোকা আদিৰে পৰিপূৰ্ণ হৈ নাইনিতালৰ-অল্মোড়া সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷ বৰ্তমান পৰ্যন্ত প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.