Kaliabor youth dies in Andhra pradesh: বহিঃৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি অসমৰ যুৱকৰ মৃত্যু

By

Published : Nov 16, 2022, 2:27 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

ৰাজ্যত সঘনাই বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু হোৱাৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে এইবাৰ বহিঃৰাজ্যত কলিয়াবৰৰ এজন যুৱকৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে ( Kaliabor youth dies in Andhra pradesh) ৷ কলিয়াবৰৰ জাৱনী গাঁৱৰ চন্দ্ৰ ছেত্ৰী নামৰ লোকজনে কৰ্মসূত্ৰে বাংগালুৰুলৈ যাত্ৰা কৰিছিল (youth dies after falling from moving train abroad)৷ যোৱা শনিবাৰে চন্দ্ৰই ৰে'লেৰে গৈ থকাৰ পথতে অন্ধ্ৰপ্ৰদেশৰ নেলৰী জিলাৰ কাৱালি ৰে’ল ষ্টেচনৰ সমীপত চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু ঘটে যুৱকজনৰ ৷ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতেই নেলৰী জিলাৰ প্ৰশসনৰ তৰফৰ পৰা মৃত যুৱকজনৰ ঘৰত খবৰ দিয়ে ৷ চন্দ্ৰৰ মৃত্যুত শোকত ভাগি পৰে পৰিয়ালৰ লোক ৷

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.